অসম

ঈশান উদয় বৃত্তি কেলেংকাৰীৰ হস্তক্ষেপ মুখ্যমন্ত্ৰীৰ!

ক’ভিড পৰিস্থিতিয়ে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত বিপদাপন্ন কৰাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে বৃত্তি কেলেংকাৰী ৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ উচ্চ শিক্ষাৰ ঈশান উদয় বৃত্তিৰ নামত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী ৷ ভুৱা মহাবিদ্যালয়, ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত উলিয়াই নিছে মেধা বৃত্তিৰ কোটি কোটি টকা ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী শিক্ষাৰ্থী জনাইছে শিক্ষাৰ্থী সকলে।

উল্লেখ্য যে,মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষাৰ বাবে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ঈশান উদয়ৰ বিশেষ বৃত্তি প্ৰদান কৰি আহিছে ৷ ঈশান উদয় বৃত্তি আঁচনিৰ অধীনত, চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমকে ধৰি সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম, কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰি থকা

শিক্ষাৰ্থীসকলৰ মাজত প্ৰতি বছৰে প্ৰায় ১০,০০০ জনক ডিগ্ৰী সম্পূৰ্ণ নোহোৱালৈকে প্ৰতি মাহে ৭,৮০০ টকালৈকে বৃত্তি প্ৰদান কৰি আহিছে৷ বাৰ্ষিক আয় 4.5 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ শিক্ষাৰ্থীক সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা হয় এই বৃত্তি। কিন্তু সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা এই বৃত্তিৰ নামত বৰপেটাত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী।

অভিযোগ মতে, বৰপেটাত গঢ়ি উঠা এটা সংগঠিত অসাধু চক্ৰৰ পৃষ্ঠপোষকতাত বছৰ বছৰ ধৰি চলি আহিছে বৃত্তিৰ ধন কেলেংকাৰীৰ ঘটনা৷ বৰপেটা জিলাৰ কিছুমান ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম সন্নিৱিষ্ট কৰি এটা সংগঠিত চক্ৰই প্ৰতিবছৰে বৃত্তিৰ নামত উলিয়াই লৈ যায় কোটি কোটি টকা। শেহতীয়াভাৱে বৰপেটা জিলাৰ প্ৰায় ৬ শতাধিক ছাত্ৰৰ নাম ঈশান উদয় বৃত্তিৰ তালিকাত সন্নিৱিষ্ট হৈছে আৰু ইয়াৰে অধিকাংশই ভুৱা ছাত্ৰ ছাত্ৰী বুলিও অভিযোগ উঠিছে৷

ভিক্টোৰিয়া ইণ্টাৰ কলেজেই নহয়, দেশৰ বিভিন্ন ৰাজ্যত অধ্যয়ন কৰা দেখুৱাই বহু ভূৱা মহাবিদ্যালয় আৰু ভূৱা শিক্ষাৰ্থীৰ নাম সন্নিৱিষ্ট কৰি কেলেংকাৰী সংঘটিত কৰি আহিছে দুষ্টচক্ৰই৷ অকল এয়াই নহয়, বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ নামবোৰতো দেখা গৈছে ব্যাপক বিসংগতি। কোনোবা ছাত্ৰ বা ছাত্ৰীৰ নাম যদি মুছলমান তেওঁৰ পিতৃৰ নাম আকৌ হিন্দু।

আনহাতে মুছলমান ছাত্ৰ-ছাত্ৰীৰ নামৰ বিপৰীতে ধৰ্ম উল্লেখ কৰা হৈছে হিন্দু অথবা খৃষ্টান। এনেদৰেই ভুৱা কলেজ, ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামেৰে ঈশান উদয় মেধা বৃত্তিৰ নামত বৰপেটা জিলাৰ এটা চক্ৰই উলিয়াই নিছে কোটি কোটি টকা৷ বিগত কেইবাবছৰ ধৰি চলি থকা ঈশান উদয় বৃত্তিৰ কেলেংকাৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনাইছে একাংশ মেধা ছাত্ৰই। আনহাতে সমগ্ৰ ঘটনাটো মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেণ সিঙে ‌হস্তক্ষেপ কৰিছে আৰু ক্ষীপ্ৰতাৰে পদক্ষেপ লোৱাৰ আশ্বাস দিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: