অসম

উচিত মূল্যৰ পৰা বঞ্চিত কৃষক; অধিক অমিতা খেতিপথাৰতে হৈছে নষ্ট

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰঅন্তৰ্গত খৌৰাং বড়ি গাঁ‌ৱৰ নিবাসী এগৰাকী উদ্যোমী খেতিয়ক দেৱ প্ৰসাদ ৰাভা লগতে নিবাৰণ ৰাভা। প্ৰায় ৫ বিঘাঁ‌তকৈ অধিক অমিতা খেতি কৰি বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে। কৰ’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত বৰ্তমানেও অব্যাহত আছে লকডাউন প্ৰক্ৰিয়া যাৰ বাবে উৎপাদন হোৱা গছৰ ফল গছতে সৰি যোৱাৰ উপক্ৰম হৈছে।

অতি দুখৰ বিষয় যে কৃষি বিভাগত এটা বিভাগ থকাৰ তৎস্বত্তেও আজিলৈ কোনো এজন বিভাগীয় বিষয়াই খেতিয়ক গৰাকীৰ সমস্যা বাৰম্বাৰ অৱগত কৰোৱাৰ পাছতো খেতি দৰা পৰ্যবেক্ষণ কৰিবলৈ নযোৱাত খেতিয়ক গৰাকীয়ে দুখ প্ৰকাশ কৰে। তেওঁ কয় যে কৰো’না কালছোৱাত দেশত পেট্ৰ’ল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশ চুব ধৰিছে কিন্তু খেতিয়ক সকলৰ

কষ্টৰে উৎপাদন কৰা অমিতাৰ দৰে ফলবোৰৰ দাম প্ৰয়োজনতকৈ নগণ্য বুলি কোৱাৰ লগতে যদি খেতিয়কসকলে মহামাৰী কৰ’না ফলত প্ৰতিবছৰে এনেদৰে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় তেনেহ’লে কৃষকসকল খেতিকৰা বন্ধ কৰাতো নিশ্চিত হৈ পৰিব বুলি অভিযোগ কৰে। আনহাতে কৃষি প্ৰদান দেশখনত আৰু অধিক নিবনুৱা সমস্যাৰ সন্মুখীন হোৱাৰ সঙ্কা প্ৰকাশ কৰে খেতিয়কজনে।

খেতিয়কজনে কয় যে আজি কৰ’না মহামাৰীৰ ফলত খেতিয়কসকলে উৎপাদন কৰা কেঁ‌চা সামগ্ৰী বজাৰত মুকলিভাৱে বিক্ৰী কৰিব পৰা নাই যদিও ওদালগুৰি জিলাত যদি খেতিয়ক সকলে উৎপাদন কৰা কেঁ‌চা সামগ্ৰী জমা ৰাখিব পৰাকৈ শীতল গৃহ (cool storest) থাকিল হৈ আজি আমাৰ দৰে খেতিয়কসকলে লোকচানৰ সন্মোখিন হ’ব লগিয়া ন’হল হেতেন। আনহাতে চৰকাৰলৈ কৃষকসকলক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় খেতিয়ক দেৱ প্ৰসাদ ৰাভাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: