অসম

উত্তৰ অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে চতিয়াৰ নাগশংকৰৰ অত্যাধুনিক ষ্টেডিয়ামে

অত্যাধুনিক ষ্টেডিয়ামখন দুই ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

সংবাদদাতা, জামুগুৰিহাট:- সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত পদক জয়ৰে লাভলিনা বৰগোঁহায়ে ইতিহাসৰ বুকুত অসমৰ নাম খোদিত কৰাৰ পাছত ক্ৰীড়াৰ প্ৰতি অসমৰ যুৱক-যুৱতীসকলৰ উৎসাহ বৃদ্ধি পোৱাৰ সময়তে উত্তৰ অসমৰ ক্ৰীয়াৰ ক্ষেত্ৰখনলৈ এক নতুন আশা কঢ়িয়াই সম্পূৰ্ণ হৈ উঠিছে চতিয়াৰ নাগশংকৰত নিৰ্মীয়মান অত্যাধুনিক নাগশংকৰ ষ্টেডিয়াম। প্ৰায় ১০ কোটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ অসমৰ ভিতৰতে আটকধুণীয়াকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা এই ষ্টেডিয়ামখনৰ অত্যাধুনিক গেলেৰী, খেলাপথাৰৰ লগতে নিশাৰ ভাগত অনুষ্ঠিত কৰিব বিচৰা খেলৰ বাবে থকা ফ্লাড লাইটৰ ব্যৱস্থাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ক্ৰীড়াপ্ৰেমী ৰাইজক। মাত্ৰ দুটা বছৰৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা এই অত্যাধুনিক ষ্টেডিয়ামখন অহা দুই ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হৈ উঠা এই অত্যাধুনিক ষ্টেডিয়ামখনত গ্ৰামাঞ্চলৰ খেলুৱৈসকলে নিজকে খেলত মনোনিৱেশ কৰি একো একোজন লাভলিনা, হিমাদাসৰ দৰে খেলুৱৈৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি অঞ্চলবাসী ৰাইজে আশা ব্যক্ত কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: