অসম

উত্তৰ চাবুকধৰা গাঁৱত কালপানী নৈৰ ব্যাপক গৰাখহনীয়া

ৰোধ কৰিবলৈ জলসম্পদ বিভাগ,বিধায়ক আৰু পাৰিষদক স্থানীয় ৰাইজৰ আহ্বান

সংবাদদাতা, টংলা : ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত এখন গাঁও উত্তৰ চাবুকধৰা। গাঁওখনত যুগ যুগ ধৰি কালপানী নদীয়ে  কালৰূপ ধাৰণ কৰি ব্যাপক হাৰত গ্ৰাস কৰি গড়া খহনীয়াৰ সৃষ্টি কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰী, বিধায়ক  বা পাৰিষদে আজিকোপতি

গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত ব্যক্ত কৰি অভিযোগ কৰে। কলাইগাঁও  বিধানসভা সমষ্টি আৰু বি টি আৰৰ খৈৰাবাৰী পৰিষদৰ অন্তৰ্গত উত্তৰ চাবুকধৰা গাঁওখনত কালপানী নৈৰ পৰা ব্যাপক ক্ষতিসাধন হৈছে। ফেনে ফুটুকাৰে  বাৰিষা বৈ অহা

কালপানী নদীয়ে গাঁওখনৰ লগতে উপকণ্ঠীয় অঞ্চলত বানপানীৰ সৃষ্টি হোৱাত ঘৰ-বাৰী ,জীৱ -জন্তু,খেতি পথাৰৰ  ব্যাপক হাৰত ক্ষতিসাধন হোৱাৰ লগতে গৰাখহনীয়াইও ভেঁটি মাটি, খেতি মাটিৰো অনিষ্ট সাধন কৰি গাঁওবাসীক ভীষণ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে। কেইবাটাও

পৰিয়ালৰ ঘৰ -দুৱাৰ কালপানী নদীয়ে কালৰূপ ধাৰণ কৰা গৰাখহনীয়াত জাহ যোৱাত  যমৰ যাতনাত ভুগিব লগা হৈছে। বিগত সময়চোৱাত চৰকাৰে কোনো বিহীত ব্যৱস্থা নোলোৱাকৈ থকা বাবে,কলাইগাঁও বিধানসভা  সমষ্টিৰ বিধায়কেও সু -দৃষ্টি নিদিয়াত কালপানী

নৈৰ প্ৰকোপ দিনক দিনে বাঢ়ি গৈ আছে। গৰাখহনীয়া ৰোধ কৰিবলৈ শৈলবান্ধ, মথাউৰী নিৰ্মাণ কৰিবলৈ কলাইগাঁও বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দুৰ্গা দাস বড়ো,খৈৰাবাৰীৰ পাৰিষদ ভবেন বড়ো,জল সম্পদ

বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা,অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে সু -ব্যৱস্থা গ্রহণ কৰি গাঁও খনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ বিনম্র অনুৰোধ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: