অসম

উত্তৰ জামুগুৰি কন্যা বিদ্যালয়ত জৈৱ-বৈচিত্ৰ্য সন্দৰ্ভত আলোচনাচক্ৰ সম্পন্ন

সংবাদদাতা, জামুগুৰিহাট:- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ জামুগুৰি কন্যা বিদ্যালয়ত আজি “জৈৱ বৈচিত্ৰ্য” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ ইক’ আৰু ইউথ ক্লাৱৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ পুৱা পৰিবেশ সম্পৰ্কীয় এক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ জৰিয়তে বিদ্যালয়খনিৰ চৌহদত বৃক্ষৰোপণ কাৰ্য্যসুচী সম্পন্ন হয়। পিচত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল বৰাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰখনিৰ আত ধৰে বিদ্যালয় খনিৰ শিক্ষয়িত্ৰী তথা উদয়ন ইউথ ক্লাৱৰ সমন্বয়ক মিনুবালা ভট্টই। জৈৱ বৈচিত্ৰ্য সন্দৰ্ভত আলোচনা আগবঢ়াই নদুৱাৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক শিক্ষক সমাজকৰ্মী মণ্টু বৰাল, উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° অলিমা নাথ আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী লাহৰী বৰা হাজৰিকাই। আলোচকসকলে নিজৰ নিজৰ বক্তব্যত অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰাকৃতিক পৰিবেশ অক্ষুণ্ণ ৰখাৰ সন্দৰ্ভতত বহল ব্যাখ্যা দাঙি ধৰি কয় যে জীৱকুলক সুৰক্ষা প্ৰদান কৰাতো মানৱ জাতিৰ পৰম ধৰ্ম। আমি সকলোৱে জীৱ জন্তু সমূহৰ উপৰিও গছ, লতা, তৰু, তৃন আদিকো সুৰক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰা উচিৎ। প্ৰাকৃতিক পৰিবেশ সৃষ্টিৰ স্বাৰ্থত আমি বৃক্ষৰোপণ কৰাতো অতিকে প্ৰয়োজন। যিহেতুু গছ থাকিলে হে মানুহ থাকিব। কিন্তু গছপুলি ৰোপণ কৰিয়ে আমি দ্বায়িত্ব সামৰিব নালাগে। গছপুলি ৰোৱাৰ পিছত আমি ইয়াৰ লালন-পালনৰ ব্যৱস্থাও কৰিব লাগে। ৰোপণ কৰা গছপুলি সমূহক আমি নিজৰ সন্তানৰ দৰেই লালন-পালন কৰিলেহে সফল হ’ব পাৰিম।

Show More

Leave a Reply

Your email address will not be published.

Back to top button