অসম

উত্তৰ-পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- উত্তৰ-পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম প্ৰতিষ্ঠা দিৱস ২৬ অক্টোবৰত মঞ্চৰ কাৰ্যালয়ত পালন কৰা হয়। এই উদ্দেশ্যে পুৱা গছপুলি ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হেম নেওগে। মঞ্চৰ সভাপতি নগেন বৰাই পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে চন্দ্র বৰাই। সম্পাদক মাখন বৰাই আঁত ধৰা, ৰত্নেশ্বৰ ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপত সত্যেন্দ্রনাথ বৰা, বুদ্ধিন্দ্ৰ নাথ নেওগ, ঠানুৰাম বৰা, দেবজিৎ দত্ত, জয়ৰাম নেওগ, বিপুল দুৱৰা, মহেন্দ্ৰ ফুকন, ৰমেন শইকীয়াই অতীত স্মৃতি ৰোমন্থন কৰাৰ লগতে আগন্তুক বৰ্ষটোত জ্যেষ্ঠ নাগৰিক মঞ্চৰ জৰিয়তে ৰূপায়ন কৰিবলগীয়া কাৰ্যৰ সম্পর্কত পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য, ২০১১ চনৰ ২৬ অক্টোবৰত প্ৰতিষ্ঠা কৰা উত্তৰ-পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ জৰিয়তে ভালেকেইখন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে স্বাস্থ্য সজাগতা, স্বাস্থ্য পৰীক্ষা, পৰিৱেশ সংৰক্ষণ, সুস্থ পৰিবেশ অতুত ৰখাৰ বাবে আলোচনা কৰাৰ উপৰি মঞ্চৰ স্থায়ী গৃহ নির্মাণৰ বাবে বিভাগৰ পৰা ভূমিৰ আৱণ্টন লাভ কৰে। ঢেঁকৰগঢ়াস্থিত উক্ত ভূমিৰ চাৰিওসীমাত স্থানীয় পঞ্চায়তৰ পৰা প্ৰাপ্ত ধনেৰে স্থায়ী বেৰা দিয়াৰ লগতে স্থায়ী গেট দিয়া হৈছে। উক্ত ভূমি খণ্ডতে তিনিমহলীয়া পৰিকল্পনাৰে পকী গৃহটো চলিত বৰ্ষতে নিৰ্মাণৰ শুভাৰম্ভ কৰি একমহল সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই ক্ষেত্ৰত অঞ্চলৱৰ্তী ৰাইজৰ লগতে জন প্ৰতিনিধিসকলৰ সহযোগিতা মঞ্চৰ সৈতে জড়িতসকলে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: