অসম

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ দাবীত লিডুত অৱস্থান ধৰ্মঘট যুৱ ছাত্ৰৰ পৰিষদৰ

সংবাদদাতা, মাৰ্ঘেৰিটা:- বিগত প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ দাবীৰে আজি লিডু কালীবাৰী ৰঙ্গমঞ্চত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনি ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসম তথা ভাৰতৰে অৰ্থনৈতিক ভেটি টনকিয়ালত কৰাত অৰিহনা আগবঢ়োৱা খনিজ প্ৰতিষ্ঠানটো বন্ধ হৈ থকাত তীব্ৰ ক্ষুভ প্ৰকাশ কৰি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই অতিশীঘ্ৰে উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰাৰ দাবী জনায়। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাকো মাৰ্ঘেৰিটাৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠানটো মুকলিৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ ল’বৰ বাবে দাবী জনোৱাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে লিডু অঞ্চলত চলি থকা অবৈধ খনিসমূহ বন্ধ কৰাৰো দাবী উত্থাপন কৰে। আনহাতে অবৈধভাবে চলি থকা চোৰাং কয়লাৰ সন্দৰ্ভতো মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈও এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে পৰিষদে। উল্লেখ যে ক’ল ইণ্ডিয়া বন্ধ থকাৰ পাছতো একাংশ কয়লা মাফিয়াই বৰ্তমানেওঁ চোৰাং কৈ লিডু, বৰগোলাই, নামদাং, বম গাড়া, লেখাপানী লালপাহাৰ, জাগুন নামফাই আদি অঞ্চলৰ পৰা দৈনিক চোৰাং কয়লা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ ট্ৰাক, ট্ৰেইয়লাৰ গাড়ীৰে সৰবৰাহ কৰি আহিছে। ফলত উত্তৰ পূৱ কয়লা ক্ষেত্ৰত মৃত্যু ঘণ্টা বাজিছে। এইক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ জনৈক গুৰুং, চেত্ৰী, বৰকাকটি, চেতিয়া আদি চোৰাং কয়লা চোৰৰ নেতৃত্ব দৈনিক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে পৰিষদে। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ চুকা মুদা কুলিৰ ভাও প্ৰৰ্দশন কৰি অহাৰো অভিযোগ তুলিছে যুৱ-ছাত্ৰ সংগঠনটোৱে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button