অসম

উত্তৰ-পূৱ মহোৎসৱত বিকৃত ৰূপত পৰিৱেশন বাগৰুম্বা নৃত্য

দুলাৰায় বড়ো হাৰিমু আফাতৰ সাধাৰণ সম্পাদক বিজুৱেল নেলছন দৈমাৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া

সংবাদদাতা, টংলা:- কোকৰাঝাৰ জিলাৰ ছালাকাটিস্থিত এনটিপিচিত ১১আৰু ১২ ডিচেম্বৰত এনটিপিচিৰ উদ্যোগত আয়োজিত উত্তৰ -পূব মহোৎসৱত বড়োসকলৰ বাগৰুম্বা নৃত্য আৰু খেৰাই বিকৃত ৰূপত প্ৰদৰ্শন কৰা কাৰ্যত আজি টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল যোগে সদৌ দুলাৰায় বড়ো হাৰিমু আফাতৰ অৰ্থাৎ নিখিল বড়ো সাংস্কৃতিক পৰিষদৰ সাধাৰণ সম্পাদক বিজুৱেল নেলছন দৈমাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বাগৰুম্বা নৃত্যৰ কোনোধৰণৰ শৈলী, সাজ-পোছাক সঠিক ৰূপত উপস্থাপন নকৰি নিজৰ খেয়াল-খুচিমতে নৃত্যৰ প্ৰকৃত ৰূপ -শৈলী বিকৃত কৰা শ্ৰীভূমি অসম সাংস্কৃতিক গোষ্ঠীৰ নেতৃত্ব বহন কৰা দিলীপ হীৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাইছে। বড়ো সকলৰ বাগৰুম্বা নৃত্য, গীতক সম্পূৰ্ণৰূপে আৰু ইচ্ছাকৃতভাৱে অপমান আৰু বিকৃত কৰাৰ অধিকাৰ ক’ত পালে, কোনে দিলে তেওঁ জবাবদিহি হ‘ব লাগিব। তাৰবাবে কোনো কাৰণতে ব্যক্তি বা পাৱতগজা সাংস্কৃতিক সংগঠনক ক্ষমা কৰা নহ’ব বুলি সকীয়নী দিয়ে। অন্যান্য জাতি-জনজাতিয়ে বড়ো সকলৰ নৃত্য-গীত পৰিৱেশন বা শিকাত কোনো আপত্তি নাই মাত্ৰ বিশুদ্ধ ৰূপত পৰিৱেশন কৰক আমি আদৰণি জনাম। এনে ধৰণৰ ভুল ভৱিষ্যত নকৰিবলৈ আজি টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলাৰ জৰিয়তে ভেৰগাঁও জিলা বড়ো সাংস্কৃতিক পৰিষদৰৰ সম্পাদক শুক্ৰাম বড়োয়ে উদ্যোগতা শ্ৰীময়ি ভূমি সাংস্কৃতিক মঞ্চৰ‌‌ সঞ্চালক দিলীপ হীৰাক সকিয়াই দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: