অসম

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তাৰ শিৱসাগৰ ৰে’লৱে ষ্টেচন পৰিদৰ্শন

সংবাদদাতা, শিৱসাগৰ সদৰ:- শুক্ৰবাৰে উত্তৰপূৰ্ব সীমান্ত ৰেল’ৱেৰ মহা প্ৰৱন্ধক আনচুল গুপ্তাই ৰে’লৱে বাৰ্ষিক পৰিদৰ্শনত শিৱসাগৰ টাউন ৰে’লৱে ষ্টেচনত উপস্থিত হয়। ৰে’লৱেৰ বাৰ্ষিক নিৰিক্ষণৰ কাৰ্য্যসূচীত মহা প্ৰৱন্ধক গৰাকীয়ে ষ্টেচনৰ সামগ্ৰিক পৰিৱেশ আৰু ব্যৱস্থা পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে, যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল সেৱাৰ ক্ষেত্ৰত কি কি সুবিধা সংযোজন কৰিব পৰা যায় লক্ষ্য ৰখা হ’ব৷ লগতে মহাপ্ৰৱন্ধক গৰাকী শিৱসাগৰত উপস্থিত হোৱা লগে-লগেই ৰে’লৱে ষ্টেচনৰ সমীপৰ খাটপথাৰৰ স্থানীয় ৰাইজে আদৰণি জনায় ৷ ইয়াৰ পিছতে খাটপথাৰৰ স্থানীয় ৰাইজ আৰু শিৱসাগৰ জিলা আটাছুৰ এটা প্ৰতিনিধি দলে দুখনকৈ ৰে’লৱে গে’ট স্থাপনৰ বাবে মহাপ্ৰৱন্ধক গৰাকীক ৰাজহুৱা লিখিত আবেদন প্ৰদান কৰে৷ আবেদনলৈ মহাপ্ৰৱন্ধক গৰাকীয়ে কয় যে, যাত্ৰী আৰু ৰাইজৰ সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰৰ সহযোগিতা পালে ৰে’লৱে বিভাগে ৰে’লৱে গেট বনাবলৈ প্ৰস্তুত আছে বুলি মত প্ৰকাশ কৰে৷ লগতে শিৱসাগৰৰ দৰে পৰ্যটন নগৰলৈ অহা পৰ্যটকৰো সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰৰ সহযোগ পালে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনত লাভ কৰিলে ৰে’ল ষ্টেচনটো প্ৰসাৰ কৰাৰ লগতে যাত্ৰী তথা পৰ্যটকৰ লগত জড়িত সকলো সুবিধা আৰু যাতায়াতৰ ব্যৱস্থা সৃষ্টি কৰিবলৈ ৰে’লৱে বিভাগে চিন্তা-চৰ্চা কৰিব বুলি উল্লেখ কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button