অসম

উত্তৰ যোৰহাটত ধুমুহাৰ তাণ্ডৱ; লক্ষ্যাধিক টকাৰ সা-সম্পত্তি বিনষ্ট

সংবাদদাতা, বাহনা:- আজি পুৱাই উত্তৰ যোৰহাটৰ মাজেদি পাৰ হৈ যোৱা এজাক প্ৰবল ধুমুহাৰ লগত অহা মূষলধাৰ বৰষুণে অঞ্চলটোত যথেষ্ট ক্ষতি কৰে। উত্তৰ যোৰহাটৰ নিমাতী, ককিলা, বৰআলিৰ পৰা আৰম্ভ কৰি ভগনীয়া গাঁৱলৈকে হঠাতেই অহা প্ৰবল ধুমুহাজাকে

অঞ্চলটোৰ বহু লোকৰ ঘৰ-দুৱাৰ ভঙাৰ উপৰিও নিমাতীঘাটৰ বহুকেইখন দোকানৰ অনিষ্ট সাধন কৰে। নিমাতীঘাটৰ সমীপৰ ককিলাত কেইবাঘৰ মানুহৰ টিনপাত সম্পূৰ্ণ উৰুৱাই নিয়ে। বৰআলি গাঁৱৰো বহুকেইটা বাসগৃহ ধুমুহাৰ লগতে অহা প্ৰবল বৰষুণত

সম্পূৰ্ণৰূপে ধ্বংস হয়। একেদৰেই ৰংদৈ ভগনীয়া গাঁৱৰ মাঠাউৰীৰ কাষতে থকা কেইবাজোপা প্ৰকাণ্ড গছ উভালি পথত পৰে যদিও দৈৱক্ৰমে ৰক্ষা পৰে বহুকেইটা ঘৰ। ক্ষতিগ্ৰস্ত লোকসকলে যোৰহাট জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে বুলি জানিব পৰা গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: