অসম

উত্তৰ যোৰহাট জাতীয় বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

সাম্প্ৰতিক প্ৰেক্ষাপটত অসমৰ সকলোবোৰ জাতীয় বিদ্যালয় একেখন মঞ্চত থিয় হোৱাৰ প্ৰয়োজন

সংবাদদাতা, পূৱ যোৰহাট:- সাম্প্ৰতিক প্ৰেক্ষাপটত অসমৰ সকলোবোৰ জাতীয় বিদ্যালয় একেখন মঞ্চত থিয় হোৱাৰ প্ৰয়োজন। উত্তৰ যোৰহাট জাতীয় বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মূল সভাত এনেদৰেই বক্তব্য আগবঢ়াই যোৰহাট জিলাৰ জাতীয় বিদ্যালয় সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ বৰাই। বিদ্যালয়খনিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে অধ্যক্ষ মুকুল বৰুৱাই। বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ প্ৰসাশনিক উপদেষ্টা বুধিন্দ্ৰ কুমাৰ নেওগে। স্থানীয় দুগৰাকী সমাজকৰ্মী প্ৰয়াত জীৱন বৰুৱা আৰু প্ৰয়াত খগেশ্বৰ বৰাৰ অস্থায়ী মঞ্চ উদ্বোধন কৰে সমাজকৰ্মী যাদব বৰুৱাই। নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে শিশু সাহিত্যিক অনন্ত শৰ্মাই। অনলাইন পাঠ্যক্ৰমত মবাইল ফোনৰ নেতিবাচক প্ৰভাৱৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে কনকন ছাত্ৰ- ছাত্ৰী সকলক তেখেতে ৰঙৰ ধাৰণা, ৰামধেনুৰ বিষয়ে মননশীল বক্তব্য আগবঢ়াই। বিদ্যালয়খনিৰ শৈক্ষিক সভাপতি প্ৰদীপ চন্দ্ৰ শইকীয়াই সঞ্চালনা কৰা সভাখনত বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসনকাৰী মেৰী চুজানৰ যোগাসনে উপস্থিত সকলক আমোদ দিয়ে। বিয়লী ২‐০০ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট কবি, গীতিকাৰ মামনি গগৈ হাজৰিকাই। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী সকলক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে সংগীত শিল্পী ৰূপজ্যোতি বৰা, বনজোস্না বৰুৱা আৰু শ্ৰীমন্ত মাধৱ বৰুৱাই গীত পৰিবেশন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: