অসম

উত্তৰ লখিমপুৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

সংবাদদাতা, লখিমপুৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা  জনাই যে – সাম্প্ৰতি সময়ত ক’ভিড মহামাৰী পৰিপ্ৰেক্ষিতত অসমৰ সকলোবোৰ চৰকাৰী শিক্ষা অনুস্থান বন্ধ হৈ আছে  এনে সময়ত এনে সময়ত চৰকাৰী বিদ্যালয়ত অধ্যয়নত ছাত্ৰ-ছাত্ৰী

শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমত চৰকাৰী বিদ্যালয়ত গৰম বন্ধৰ সময়ছোৱাত লগতে কভিডৰ বাবে বন্ধৰ ঘোষণা কৰা সময়ত অনলাইন পাঠদানৰ ব্যৱস্থাকৰাৰ বাবে আজি জিলা উপায়ুক্ত জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰা হয়।

লগতে কয় যে  এনে দুৰ্যোগৰ সময়ত কৃষি কাৰ্যত ব্যৱহৃত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক সাৰৰ মূল্য হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে মহামাৰী কৰনাৰ পৰিপ্ৰেক্ষিতত হোৱা অসমৰ সৰ্বসাধাৰণ কৃষকৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো কৃষি ভূমিৰ খাজনা সম্পূৰ্ণ ৰেহাই দিবলৈ স্মাৰক প্ৰত্ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনোৱা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: