উদ্ধাৰ হ’ল উগ্ৰপন্থীয়ে অপহৰণ কৰা হিৰেণ কোঁচ

সংবাদদাতা, টিংখাঙ:- অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাৰ পুমাও পৰা সন্দেহ জনক NSCN (K) য়ে অপহৰণ কৰা টিংখাঙৰ হীৰেন কোচ আৰু বিহাৰৰ ৰামাশিস মাহাতুক অৰুণাচল আৰু ম্যানমাৰৰ সীমান্তৰ অতি দুৰ্গম এলেকাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। যোৱা ৩১ জানুৱাৰীত সংঘটিত হৈছিল উক্ত অপহৰণ কাণ্ড। অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাৰ পুমাও পৰা সন্দেহ জনক NSCN (K) য়ে অপহৰণ কৰি নিছিল তিনিজন শ্ৰমিক ক্ৰমে লংডিঙৰ বানফুৱা ৱাংপান, অসমৰ টিংখাঙৰ হীৰেন কোচ আৰু বিহাৰৰ ৰামাশিস মাহাতুক। ইয়াৰে লংডিঙৰ বানফুৱা ৱাংপানক ১ ফেব্ৰুৱাৰীত উগ্ৰপন্থী সংগঠন টোৱে স্থানীয় হোৱা বাবে মুকলি কৰি দিছিল। কিন্তু টিংখাং ৰ হীৰেন কোচ আৰু বিহাৰ ৰামাশিস মাহাতু ক অপহৰণ কৰি লৈ গৈছিল। অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম পুমাও লাংখোৱা পথ নিৰ্মাণ কৰি থকা পি পি এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীটোৰ কৰ্মৰত দুই শ্ৰমিকৰ অপহৰণ কাণ্ডই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল। অৱশেষত অপহৃত দুয়োজনকে সুস্থ শৰীৰে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। আনহাতে মন্ত্ৰী বিমল বৰাইয়ো এক বাৰ্তাৰ জৰিয়তে এই কথা অৱগত কৰিছে। কিন্তু বৰ্তমানেও দুয়োজন লংডিং আৰক্ষীৰ জিম্মাত থকা বুলি এক সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে।