অসম

উদ্যমী সমাজকৰ্মী, ধঁপাত বিৰোধী যুঁজৰ কৰ্মী বিতুল দত্তৰ অকাল মৃত্যু

সংবাদদাতা, পূৱ যোৰহাট আৰু বাহনা : উত্তৰ যোৰহাটৰ বাঘমৰা পটীয়া গাঁৱৰ সমাজকৰ্মী তথা উদ্দ্যমী ব্যক্তি বিতুল দত্ত ( ৪৭ )ৰ যোৱা নিশা ১২- ৫৬ মিনিটত বৃক্কজনিত ৰোগত নিজা বাসভৱনত মৃত্যু হয়। যোৰহাট জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত বিতুল দত্তৰ মৃত্যুত  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। দুখৰ বিষয় যে তেওঁৰ মেধাসম্পন্ন একমাত্ৰ পুত্ৰ আসিশ দুত্তৰো দুবছৰৰ আগতে দুৰাৰোগ্য ৰোগত মৃত্যু হৈছিল।

একমাত্ৰ পুত্ৰৰ মৃত্যুত তেওঁ হতাশ হৈ পৰিছিল। যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ যোগেদি বাঘমৰা পটীয়া গাঁওখন প্ৰকল্পিত ধঁপাতমুক্ত গাঁও হিচাপে ৰাইজৰ সহযোগত গঢ়ি তুলিবলৈ বিতুল দত্তৰ প্ৰচেষ্টা আছিল অতি প্ৰশংসনীয়। বাঘমৰা পটীয়া গাঁও উন্নয়ন সমিতিৰ  প্ৰাক্তন সম্পাদক, বাঘমৰা পটীয়া গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক, বাঘমৰা সৰ্বোদয় সংঘ, সৰ্বোদয় হাইস্কুল,

বাঘমৰা শিশু বিকাশ বিদ্যাপীঠ, স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা, এনাজৰী সংগীত বিদ্যালয়, সংকল্পশিখা, যোৰহাট, ধঁপাত নিয়ন্ত্ৰণ কোষ, যোৰহাট, আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক অনুষ্ঠান ইছকনৰ  যোৰহাট শাখাৰ লগত ওতপ্ৰোত ভাৱে জড়িত থকা বিতুল দত্তৰ মৃত্যুত কেউতা অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। উদাৰ, পৰোপকাৰী আৰু লোকপ্ৰিয় ব্যক্তিজনে মৃত্যুৰ সময়ত পত্নী, তোলনীয়া পুত্ৰ সহ  আত্মীয়ক এৰি থৈ গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: