অসম

উন্নত চিকিৎসাৰ বাবে চৰকাৰলৈ সহায়ৰ আহ্বান দুৰ্ভগীয়া পিতৃ-মাতৃৰ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ টংলাৰ সমীপৱৰ্তী পানেৰী থানাৰ অন্তৰ্গত শিমলুগুৰি গাঁৱৰ নিবাসী ৰবিৰাম বড়োৰ বিকলাংগ পুত্ৰ কনকামণি দৈমালোঁ বড়োৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰলৈ আহ্বান পিতৃ-মাতৃৰ। উল্লেখ্য যে ওদালগুৰি জিলা ওদালগুৰি বিধানসভা সমষ্টিৰ শিমলুগুৰি গাঁৱৰ নিবাসী ৰবিৰাম বড়ো আৰু ফাউগালি নাৰ্জাৰীৰ পুত্ৰ দৈমালো বড়ো জটিল ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা অৱস্থাতে শাৰীৰিকভাৱে অক্ষম হৈ ৰ’ল। দুৰ্ভোগীয়া পিতৃ-মাতৃয়ে অপ্ৰাণ প্ৰচেষ্টাৰে পুত্ৰ দৈমালোক শাৰীৰিক ভাৱে সক্ষম কৰি তুলিবলৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি আহিছে যদিও কোনো সুফল পোৱা নাই, সেয়েহে উন্নত চিকিৎসাৰ বাবে

দৈমালোক বহিঃৰাজ্যলৈ গৈ চিকিৎসা কৰিবৰ বাবে পৰমৰ্শ দিছিল যদিও বৰ্তমান সময়ত দুৰ্ভগীয়া পিতৃ-মাতৃ অসমৰ্থ সেয়েহে সংবাদ যোগে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে অসম চৰকাৰলৈ শিশুটিক উন্নত চিকিৎসাৰে সুস্থ কৰি তুলিবলৈ কাতৰ আহ্বান জনাইছে। লগতে দুই বছৰীয়া শিশু পুত্ৰ ইৰাগদাউ বড়োৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ। ৰবিৰাম বড়োৰ‌ পুত্ৰ দৈমালো বড়ো ৯ বছৰ আৰু ইৰাগদাউ বড়ো‌ ২বছৰ দুয়োজন পুত্ৰই অচিন ৰোগৰ আক্ৰান্তত বিকলাংগ হয় পৰে। কোনো সদাশয় ব্যক্তিয়ে পৰিয়ালৰ সৈতে ৬০০১০৩১৯৪৪ নম্বৰত যোগাযোগ কৰিব পাৰে বা ৰবিৰাম বড়োৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ একাউণ্ট নম্বৰ ৩৫৯৪৮০৮৫২১ আৰু আই এফ এছ চি কোড CBINO280004 ত সহায় কৰিব পাৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: