অসম

উন্মোক্ত মথাউৰিক লৈ শংকিত লাহৰীঘাটবাসী ৰাইজ

অতিশীঘ্ৰে মথাউৰি পুনৰ নিৰ্মাণৰ দাবী বিভাগীয় কৰ্তৃপক্ষক

সংবাদদাতা, লাহৰিঘাট : সমাগত বাৰিষা। বাৰিষা অহাৰ লগে লগেই  বুকু কঁপি উঠে লাহৰীঘাটবাসী ৰাইজৰ। ফেনে ফুটুকাৰে বাঢ়িব ধৰিছে বৰলুইতৰ পানী। লাহৰীঘাটৰ ভূৰাগাঁৱত বিগত প্ৰায় ৯ বছৰে উন্মোক্ত অৱস্থাত আছে এটা মথাউৰি। ২০১৩ চনত পঞ্চায়ত আৰু গ্ৰাম্যউন্নয়নৰ দ্বাৰা ভূৰাগাঁও দীঘলীআটি

পৰা বৰালীমাৰীলৈ প্ৰায় ৯ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছিল। উল্লেখ্যযে সেইবৰ্ষতে মথাউৰিটো সম্পূৰ্ণৰূপে গড়াখহনীয়াত জাঁহ গৈছিল। কিন্তু প্ৰাক্তন মন্ত্ৰী ডঃ নজৰুল ইছলামৰ কাৰ্যকালতো উন্মূক্ত অৱস্থাতে থাকি গ’ল দীঘলীআটি মথাউৰি পুনৰ নিৰ্মাণৰ কাম। মথাউৰিটো নোহোৱাৰ ফলত প্ৰত্যেক বছৰে  

ভূৰাগাঁওৰ ৩০ খনৰো অধিক গাঁও বানৰ কবলত পৰি খেতি পথাৰৰ লগতে সা-সম্পতি নষ্ট হয় ৷ বৰ্তমান বৰলুইতৰ পানী ফেনে ফটুকাৰে বাঢ়িবলৈ আৰম্ভ কৰিছে তাকে লৈ এতিয়া বানৰ আশংকাত গঞাঁবাসী। বাৰিষাৰ পূৰ্বে মথাউৰি পুনৰ নিৰ্মাণ নহ’লে পানীত বোৰ যাব শ শ গাঁও লগতে সমগ্ৰ মৰিগাঁও। যাক লৈ এতিয়া চিন্তিত হৈ উঠিছে ভূৰাগাঁওবাসী ৰাইজ।

এই মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে পানী অহাৰ লগে লগে এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে। মথাউৰিটো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ ৰাইজে নতুন চৰকাৰৰ লগতে মৰিগাঁও জিলাৰ সুন্তান জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকাক অতি সোনকালে মথাউৰি পুনৰ নিৰ্মাণৰ ব্যৱস্হা কৰিবলৈ অনুৰোধ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: