অসম

উপায়ুক্তৰ দ্বাৰা মন্ত্রী ৰঞ্জিত কুমাৰ দাসলৈ স্মাৰক পত্র প্ৰেৰণ ‘Warriors এক জাগৰণ নাৰীত্বৰ’ বজালী জিলা সমিতিৰ

সংবাদদাতা, বজালী : আজি ‘Warriors এক জাগৰন নাৰীত্বৰ’ নামৰ সংগঠনটোৱে Meet our MLA কাৰ্যসূচী অনুসৰি বজালী সমিতিয়ে ৰাজ্যৰ কেবিনেট মন্ত্রী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসলৈ স্মাৰক পত্র প্ৰেৰণ কৰে। বিধায়ক গৰাকী সমষ্টিত নথকাৰ বাবে নৱগঠিত বজালী জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ হাতত স্মাৰক পত্রখন প্ৰেৰণ কৰে।

উক্ত সময়ত সংগঠনটোৰ ৰাজ্যিক উপদেষ্টা ড: বিনীতা বৰা দেৱচৌধুৰী আৰু বজালী জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। ৰাজ্যৰ ১২৬টা সমষ্টিৰ বিধায়ককে সাক্ষাৎ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। আগন্তুক বিধানসভা অধিৱেশনত নাৰী সকলৰ সুৰক্ষাৰ বাবে এখন আইন অনাৰ দাবীৰে সদস্যসকলে স্মাৰক পত্রখন প্ৰেৰণ কৰেl

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: