উৰিয়ামঘাটত বড়ো-কছাৰী স্বায়ত্বশাসিত পৰিষদৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

সংবাদদাতা, সৰুপথাৰ:- ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ জয়ন্তিপুৰত বড়ো-কছাৰি স্বায়ত্ত্ব শাসিত পৰিষদৰ এবছৰ পূৰ্ন হোৱা উপলক্ষে বড়ো কছাৰি স্বায়ত্ত্ব শাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ, পি নাৰ্জাৰীৰ সভাপতিত্বত বৰ্ষপুতি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যপন, বন্তি প্ৰজ্বলন কৰাৰ লগতে বড়োসকলৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰি মৃত্যুবৰণ কৰা শ্বহীদ আৰু অন্যান্য সকলৰ সোৱঁৰনত একমিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে আঁতধৰা অনুষ্ঠানটিত বড়োসকলৰ শিক্ষা, সাংস্কৃতিক, আত্মসংস্থাপন আদিৰ বাবে স্বায়ত্ত্বশাসিত পৰিষদখনে বিশেষ গুৰুত্ব আৰোপ কৰি কাম কৰি যাব বুলি উল্লেখ কৰে। বিগত ক’ভিড পৰিস্থিতিৰ বাবে উন্নয়নমূলক কাম-কাজসমূহত কিছু পলম হোৱা বুলি জানিবলৈ দিয়ে। উক্ত সভাত বিভিন্ন বড়ো সংগঠনৰ নেতৃবৃন্দয়ে অংশগ্ৰহণ কৰি ভৱিষ্যত বড়োসকলৰ উন্নয়নৰ বাবে স্বায়ত্ত্বশাসিত পৰিষদক কাম কৰিবৰ বাবে বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়াই। সভাত বড়ো সাহিত্য সভাৰ সম্পাদক হৰেশ্বৰ নাৰ্জাৰী, সন্মিলিত বড়ো গনমঞ্চৰ সাহিত্য সম্পাদক মহেশ্বৰ বসুমতাৰী, সাংগঠনিক সম্পাদক কাতিৰাম তুলচিয়াৰি, ধনশিৰি বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক বিনন্দ বড়ো, গোলাঘাট জিলা বড়ো সাহিত্য সভাৰ সভাপতি মহেশ্বৰ গয়াৰী, সম্পাদক গোপীনাথ হাজোৱাৰী, গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি নিলেশ্বৰ ব্ৰহ্ম, সম্পাদক প্ৰদীপ বসুমতাৰী, সন্মিলিত বড়ো গনমঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মুকুন্দ বসুমতাৰী, সম্পাদক মিলন ৰামছিয়াৰী, বড়ো মহিলা কল্যাণ পৰিষদৰ জিলা সভানেত্ৰী সুজাতা নাৰ্জাৰী, চুঙাজান গাওঁ পঞ্চায়তৰ সভাপতি গৌতম মেছ, ধনশিৰি টাইবেল সংঘৰ সভাপতি জয়ন্ত বসুমতাৰীকে ধৰি বিভিন্ন বড়োজাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।