উৰিয়ামঘাটত মে-ডাম-মে-ফি উদযাপন

সংবাদদাতা, সৰুপথাৰ:- ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত দিনজোৰা কাৰ্যসূচীৰে আহোম জনগোষ্ঠীৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি উদযাপন কৰা হয়। উৰিয়ামঘাট আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত, ধনশিৰি মহকুমা তাই আহোম ছাত্ৰ সন্থা আৰু শাখা সমিতি সমূহৰ সহযোগত অনুষ্ঠিত মে-ডাম-মে-ফি উপলক্ষে পুৱা ৭ বজাত আটাছুৰ পতাকা উত্তোলন কৰে আটাছু উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰকাশ গগৈয়ে। বৃক্ষৰোপণ কৰে উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈয়ে। মৈদাম তৰ্পণ কৰে আটাছু ধনশিৰি মহকুমা সমিতিৰ সভাপতি অনন্ত গগৈয়ে। চ্যুকাফা আৰু লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে আটাছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উমেশ গগৈয়ে। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত আলোচনা সভাত অংশগ্ৰহণ কৰি বক্তব্য ৰাখে ক্ৰমে আটাছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি জ্যোতিপ্ৰসাদ গগৈ, ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক ছবিৰাম শইকীয়া, আহোম জাতীয় পৰিষদ গোলাঘাট জিলা সমিতিৰ সভাপতি পল্লব চেতীয়া, আটাছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উমেশ গগৈ, পূৰ্বাঞ্চল তাই সাহিত্য সভা ধনশিৰি জিলা সমিতিৰ সম্পাদক বুবুল বৰফুকন, ধনশিৰি মহকুমা আৰক্ষী বিষয়া এিনয়ণ ভূঞা, সৰুপথাৰৰ বিশিষ্ট শিল্পী মণ্টু গোঁহাই, সমাজ সেৱক গণ গগৈ, আটছা সৰুপথাৰ শাখাৰ সম্পাদক উমেশ ঘাটোৱাৰকে আদি কৰি ভালেকেইগৰাকী ব্যক্তিয়ে। অনুষ্ঠানত কৰ্দ্দৈগুৰিৰ শিল্পীদলে টাই নৃত্য পৰিবেশন কৰি সকলোকে আমোদ দিয়ে। মনকৰিবলগীয়া যে, অঞ্চলটোৰ তাই জনগোষ্ঠীটোৰ প্ৰায় সহস্ৰাধিক পুৰুষ-মহিলাই জনগোষ্ঠীটোৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিত অংশগ্ৰহণ কৰ।