অসম

উৰিয়ামঘাটৰ গেলাজানৰ বিধ্বস্তপ্ৰায় কাঠৰ দলং পকীকৰণৰ দাবী

সংবাদদাতা, সৰুপথাৰ : ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ ২নং ৰজাপুখুৰী গেলাজানৰ ওপৰত থকা কাঠৰ দলংখন দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰ পিছতো পকী দলং নহ’ল। গেলাজানৰ ওপৰত থকা ভগ্নপ্ৰায় দলংখনে স্থানীয় ৰাইজক জীয়াটো ভোগাই আহিছে। অঞ্চলটোৰ চাৰিঘৰীয়া, কাঠনি, দেৰাগাঁও, নদীধাৰ, গেলাজান আদিকে ধৰি কেইবাখনো গাৱঁৰ লোকে বাণিজ্যক

কেন্দ্ৰস্থল উৰিয়ামঘাট আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী-অভিভাৱক অতি বিপদসঙ্কুলভাৱে মৰনক শৰণ দি অহা যোৱা কৰিব লগীয়া হৈছে। বহু বছৰৰ পূৰ্বে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ চিৰি, খোটা আৰু আনুসাংগিক অংশসমূহ প্ৰায় পঁচি যোৱাত দলংখনৰ এটা অংশ বহি গৈছে। ফলত অঞ্চলটোৰ গুৰুত্ব বহন কৰা পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে চৰকাৰ,স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধি বহুবাৰ পৰিৱৰ্তন হ’ল কিন্তু পৰিতাপৰ কথা পৰিৱৰ্তন নহ’ল দলঙৰ দুৰৱস্থা। বৰ্তমান নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে উক্ত ভঙা কাঠৰ দলংখনৰ পৰিৰ্বতে স্থায়ীভাৱে পকী দলং নিৰ্মান কৰি যাতায়তৰ সূচল কৰিব বুলি আশা কৰিছে স্থানীয় ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: