অসম

উৰুকাৰ সন্ধ্যা মাজুলীত ‘হেঁপাহৰ ভোগালী আৰু ৰঙে-ৰসে এদিন’ উদযাপন

মাজুলীৰ শ্ৰীৰাম পঞ্চায়তৰ অন্তৰ্গত হাতীমূৰীয়া মিচিং গাঁৱত উৰুকাৰ সন্ধ্যা দ্বিভাষিক তিনিমহীয়া আলোচনী ‘দৃৰবৃ বন্ধন’ৰ উদ্যোগত আৰু হাতীমূৰীয়া মিচিং গাঁৱৰ যুৱক সঙ্ঘৰ সহযোগত ভোগৰ উৎসৱ ভোগালীক ব্যতিক্ৰমভাৱে আদৰাৰ লক্ষ্যৰে হে‍ঁপাহৰ ভোগালী আৰু ৰঙে-ৰসে এদিন শীৰ্ষক ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰা হয়। দৃৰবৃ বন্ধন আলোচনীৰ সম্পাদক ভাস্কৰজ্যোতি কুটুমে আঁতধৰা অনুষ্ঠানটি সঞ্চালনা কৰে জনপ্ৰিয় দ্বিভাষিক ‘মাজুলীত কবিতা’ আলোচনীৰ সম্পাদক তথা কবি জয়ন্ত হাজৰিকাই। নামঘৰীয়া দেৱেন কামানৰ আশীৰ্বাদেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত গাঁওখনৰ প্ৰথমজন চৰকাৰী চাকৰিয়াল ভোলাৰাম নৰহ আৰু জেষ্ঠ সমাজ সংগঠক দেৱেন কামানক সম্বৰ্ধনা জনোৱা‌ হয়। উক্ত অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক তথা কবি ডিম্পুল চুতীয়া। চুতীয়াই মাজুলীৰ এটা ভিতৰুৱা অঞ্চল হাতীমূৰীয়া গাঁৱত এনে এক ব্যতিক্ৰম অনুষ্ঠান দেখি আপ্লুত হোৱাৰ কথা ব্যক্ত কৰে। লগতে ভৱিষ্যৎ দিনত এনেদৰে মিলাপ্ৰীতি আৰু সমন্বয়ৰ বান্ধোনেৰে অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিক জীয়াই ৰাখিবলৈ অনুৰোধ জনায়। শ্ৰীচুতীয়াই স্ব-ৰচিত ‘তুমি কোন’ শীৰ্ষক কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে। লগতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাপ্তাহিক ‘অসম বাৰ্তা’ কাকতৰ সম্পাদক তনয় বৰা, ঢকুৱাখনাৰ নিউজ লাইভৰ সাংবাদিক তথা কবি ৰাজীৱ বৰুৱা, কবি অতুলচন্দ্ৰ হাজৰিকা, মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা, বিশিষ্ট গল্পকাৰ তথা কৃতি শিক্ষক মৃণালী দেৱী, কবি তথা দৃৰবৃ বন্ধনৰ সদস্যা শুভ্ৰা দলে, জেংৰাইমূখ আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ সভাপতি কবিতা মৰাং পেগুৱে নিজৰ কাব্য সম্ভাৰ প্ৰদৰ্শন কৰে। অনুষ্ঠানটি সুচাৰুভাৱে সঞ্চালনাৰ দায়িত্বত থাকি কবি, লেখক জয়ন্ত হাজৰিকাই এটি কবিতাৰে অনুষ্ঠানত উপস্থিত থাকি আল্লাহদিত হোৱাৰ কথা বৰ্ণনা কৰে। উক্ত অনুষ্ঠানত মাজুলীৰ যুৱনেতা তথা উদীয়মান কবি অঞ্জন শইকীয়া, ৱাৰ্ড সদস্য কুশল কামান, গাঁওৰক্ষীক বাহিনীৰ মৰুটজ্যোতি কুটুম, প্ৰবীন নৰহ, কমল কামান, চন্দ্ৰকমল নৰহ, ধৰ্মেশ্বৰ নৰহ,প্ৰদীপ নৰহ, চুমি কুটুম, বৃষ্টিৰেখা নৰহ, ৰুণজুণ নৰহৰ লগতে গাঁৱৰ সকলো বিশিষ্ট ব্যক্তি আৰু বুঢ়া-মেথা উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: