অসম

এইবাৰ অসমীয়াই ‘কা’ মানিব নেকি?

সাংবদদাতা,সৰভোগ:- ইতিমধ্যে দেশৰ ৫ ৰাজ্যত ‘কা’ বলবৎ হোৱাৰ খবৰ লাভ কৰাৰ পিছত ৰাজ্যত বাস কৰা প্রতিজন খিলঞ্জীয়া অসমীয়াৰ পূৰ্বৰ সেই আন্দোলনৰ কথা হয়তো মনলৈ খুন্দা মাৰিবলৈ আৰম্ভ কৰিছে। বিগত বছৰে ৰাজ্যত ‘ কা ‘ আন্দোলনে দিল্লি কিম্বা দিছপুৰত গৰম পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ পিছত সমগ্র বিশ্বত কভিড-১৯ মহামাৰীৰ আগ্রাসনে যেন জনতাৰ প্রতিবাদৰ ভাষা কাঢ়ি লৈ গল। আজিৰ তাৰিখত যদি চোৱা হয় তেনেহলে গোটেই বিশ্বৰ সৰ্বসাধাৰণে কেৱলমাত্ৰ কভিড-১৯ মহামাৰীৰ লগত হে যুদ্ধ কৰি আছে তাৰ মাজত হয়তো ৰাজনৈতিক আৰু অন্যান্য দিশৰ বিষয়ে ভালদৰে বিচাৰ বিবেচনা কৰিবলৈ আহৰি পোৱা নাই। তেনে ক্ষেত্রত এতিয়া ৰাজ্যত বহু বিতর্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বলবৎ হবলৈ আৰু মাথোঁ সময়ৰ হে অপেক্ষা। আমি দেখিবলৈ পাইছিলো যে ৰাজ্যত ‘কা’ আন্দোলনক কেন্দ্র কৰি ৫ জন নিৰীহে প্রাণ আহুতি দি শ্বহীদ হোৱাৰ সেই দুখ লগা দিনবোৰ, আমি দেখিবলৈ পাইছিলো যে ৰাস্তাত আন্দোলন কৰিবলৈ ওলাই অহা ছাত্র- ছাত্রীৰ ওপৰত আৰক্ষীয়ে সোধোৱা লাঠিৰ কোব, কন্দুৱা গেছ, পানী আদিৰ জড়িয়তে কৰা প্রহাৰ তথা এক কথাত কবলৈ গলে আৰক্ষী প্রসাশনৰ আন্দোলনকাৰীৰ ওপৰত উত্তম-মাধ্যমৰ মৰ্মান্তিক দৃশ্য, ছাত্র সংগঠন, জাতীয় সংগঠন সমূহে নিজৰ জাতি ৰক্ষাৰ স্বাৰ্থত আন্দোলনত আগভাগ লৈছিল হয় কিন্তু এইবেলি কি কাৰ্য্যপন্হা হাতত অবলম্বন কৰিব ৰাজ্যৰ তথাকথিত ছাত্র- জাতীয় সংগঠন সমূহৰ নেতা সকলে? কিয়নো সমগ্র বিশ্বৰ লগতে অসমতো প্রতিদিনে কভিড-১৯ মহামাৰীৰ গণ সংক্রমণ আৰু মৃত্যুৰ হাৰৰ প্রতি লক্ষ্য ৰাখি ৰাস্তাত যাকে যাকে, গোট হৈ ওলাই আহি আন্দোলন কৰাৰ কথা সপোনতো আমি ভাবিবই নোৱাৰোঁ। এইবাৰৰ কৰ’ণাবিধস্ত পৰিৱেশৰ সময়ছোৱাত বৃহত্তৰ খিলঞ্জীয়া অসমীয়া জাতিটোৱে নিজৰ অসমী আইৰ অস্তিত্ব ৰক্ষাৰ্থে প্রতিবাদৰ উচ্চ কণ্ঠস্বৰ চৰকাৰলৈ বুলি আগবঢ়াবলৈ সক্ষম হব নে? নে ৰাজ্যত নৱগঠিত চৰকাৰখনৰ বিৰুদ্ধে মাত মতাৰ ক্ষেত্রত ভয় শংকাৰ মাজেৰে নিজকে পৰিচালিত কৰিব লাগিব? নে বৰ্তমান বিজ্ঞান আৰু আধুনিকতাৰ নতুন প্রয়াস সামাজিক মাধ্যমযোগে ৰাজ্যৰ সজাগ সচেতন নাগৰিকে প্রতিবাদ সাব্যস্ত কৰিব? কিন্তু এইখিনিতে এটা কথা কবলৈ বিচাৰোঁ যে ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ জড়িয়তে সদৌ অসম ছাত্র সন্হাৰ জাতি দৰদি ছাত্র নেতা আৰু বিষয়ববীয়া সকলে তেওঁলোকৰ জাতি প্রেমৰ নিদৰ্শন অসমবাসী ৰাইজৰ ওচৰত ভালদৰে উদঙাই দেখুৱাই দিলে যে এওঁলোক আচলতে সামপ্রতিক সময়ত ছাত্র সংগঠন হৈ থকা নাই বৰঞ্চ সুবিধাবাদী সংগঠনলৈহে পৰিণত হোৱাৰ দিশে গতি কৰিবলৈ লৈছে। যিহেতুকে অসমবাসী ৰাইজে পুনৰবৰ বিজেপ চৰকাৰখনকেই শাসনৰ চকীত বহিবলৈ সুযোগ প্রদান কৰিছে তেনে ক্ষেত্রত ৰাজ্যত ‘কা’ বলবৎ হোৱাটো নিশ্চিত আৰু এয়া ৰাজ্যত বাস কৰা প্রতিজন অসমীয়াৰ বাবে এক কঠিন সময় কিয়নো এফালে জাতিৰ অস্তিত্ব বিপদাপন্ন আৰু আনফালে মহামাৰী কৰ’ণাৰ গণ সংক্রমণ। কেতিয়াবা মনলৈ ক্রিয়া কৰে যে ৰাইজৰ প্রতিবাদ- আন্দোলন অথলে গল নেকি? নে ৰাইজেই প্রতিবাদমুখি পৰিৱেশৰ পৰা বিৰত লোৱাৰ উদ্দেশ্যে বিজেপিক শাসক গোষ্ঠীৰ ভূমিকা পালন কৰিবলৈ সুবিধা আগবঢ়ালে? সকলোবোৰ এতিয়া চিন্তা কৰিবলগীয়া বিষয় কিয়নো এইবাৰ অসমীয়াৰ প্রতিবাদ কৰিবলৈ সাহসৰ অভাবে দেখা দিয়াটোও স্বাভাবিক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: