অসম

একেলগে ১৩,৩৬৭টা পৰিয়ালে নলযোগে লাভ কৰিলে বিশুদ্ধ খোৱাপানী

মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে শুভাৰম্ভ কৰিলে কামৰূপ জিলা জল জীৱন মিছন

সংবাদদাতা, বাইহাটা চাৰিআলি: – কামৰূপ জিলাৰ কমলপুৰত কেন্দ্ৰীয়ভাৱে জিলাখনৰ জল জীৱন মিছনৰ শুভাৰম্ভ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে৷ কমলপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ দালাংগাঁৱত মন্ত্ৰী গৰাকীয়ে বন্তি প্ৰজ্বলন কৰি এই মিছনৰ শুভাৰম্ভ কৰাৰ লগে-লগে কামৰূপ জিলাখনৰ ১৩৩৬৭টা পৰিয়ালে একেলগে আজি ভিন্ন স্থানত মুকলি কৰা ৯২টা পানী যোগান আঁচনিৰ পৰা নল যোগে বিশুদ্ধ খোৱা পানী লাভ কৰিলে৷ অসমত এই মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৬ হাজাৰ কৌটি টকা

মুকলি কৰি দিছে৷ ২০১৯ চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখন অসমত ২০২৪ চনৰ ভিতৰত এই মিছনৰ জৰিয়তে অসমৰ প্ৰতি ঘৰে-ঘৰে বিশুদ্ধ খোৱা পানী লাভ কৰিব৷ মন্ত্ৰী গৰাকীয়ে শুভাৰম্ভণি কৰি দিয়া ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে৷ আঁচনিখন সফল ৰূপ দিয়াৰ ক্ষেত্ৰত স্থানীয় লোকৰ সহযোগিতা বিচাৰে মন্ত্ৰী গৰাকীয়ে৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভাৰম্ভ কৰা জলজীৱন মিছনৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱা পানী সেৱন কৰি মাৰত্মক বেমাৰ কৰ্কট ৰোগ আদিৰ পৰা

নিজকে মুক্ত হৈ থাকিব পাৰিব বলিও নিজৰ ভাষণত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে সমগ্ৰ ৰাজ্য জুৰি পানী যোগান আঁচনি সমূহত থকা অস্থায়ী আৰু স্বেচ্ছামূলক কাম কৰি অহা কৰ্মচাৰী সকলৰ পদ সমূহ নিয়মীয়াকৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ কথাও জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ লোকৰ আগত সদৰি কৰে৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে৷ এতিয়াৰ পৰা ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতি থকা

নেতিবাচক ধাৰণা পৰিহাৰ কৰিবলৈ সকলোকে উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত কমলপুৰ আৰু হাজো বিধানসভা সমষ্টিৰ বিধায়কদ্বয় যথাক্ৰমে দিগন্ত কলিতা আৰু সুমন হৰিপ্ৰিয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ বিধায়ক দিগন্ত কলিতাই জলজীৱন মিছনৰ জৰিয়তে প্ৰতিঘৰ লোকে গুণগত মানবিশিষ্ট আৰু প্ৰয়োজনীয় পৰিমাণৰ পানী সদায় লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে৷ বিধায়ক গৰাকীয় গাঁও সমিতি সমূহক আচনি সমূহ সুচাৰু ৰূপে পৰিচালনাৰ বাবে দায়িত্ব সহকাৰে কাম কৰাৰ আহ্বান জনায়৷

অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা দিগন্ত বৰুৱা, কাৰ্যবাহী অভিযন্তা পৰাগমণি বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰকাশ হালৈ, মুকুট বৰ্মন, কনিষ্ঠ অভিযন্তা মোস্তাক হুছেইন, বিজেপি নেতা নন্দন তালুকদাৰ, কুমুদ কাকতি, উমেশ ডেকা, হেমন্ত বৰাকে প্ৰমুখ্য কৰি আদি ভালেসংখ্যক লোক আৰু অভিযন্তা-কৰ্মচাৰী উপস্থিত থাকে৷ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে দালাং আঁচনিখন পৰিচালনা কৰাৰ বাবে বোৰ্কা-সাতগাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা কলিতাৰ হাতত আনুষ্ঠানিক পত্ৰ প্ৰদান কৰে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: