অসম

এটা হাঁহৰ পোৱালিক কেন্দ্ৰ কৰি মানকাচৰৰ মইশালডাংগাত প্ৰচণ্ড মাৰপিত

১৮ জন আহত : তিনিজনৰ অৱস্থা সংকটজনক

সংবাদদাতা, মানকাচৰ : মানকাচৰৰ মইশালডাংগাত আজি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিতৰ ফলত দুয়ো পক্ষৰ ১৮ জন লোক আহত হয়। ইয়াৰে মাজত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে,

বিধবা মহিলা এগৰাকীৰ হাঁহৰ পোৱালি এটা আন এজন লোকৰ বহু কেইটাৰ হাহঁ পোৱালিৰ লগত একত্ৰিত হয়। বিধবা মহিলাজনী তেওঁৰ হাহঁৰ পোৱালিটো বিচাৰি উক্ত বহু কেইটা হাহঁ পোৱালিৰ মালিকৰ ওচৰত গৈ তাইৰ হাহঁৰ পোৱালিটো দাবী কৰিছিল।

এই ঘটনাক কেন্দ্ৰ কৰিয়ে সংঘটিত হৈছে এনে এক ভয়ংকৰ মাৰপিটৰ ঘটনা। উক্ত ঘটনাত আঘাতপ্ৰাপ্ত লোক সকলক গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে যদিও কেইজনৰ অৱস্থা অতি সংকটজনক আছে বুলি জানিব পৰা গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: