অসম

এন জি অ’ “নিম পুলি“ৰ জয়ধ্বনি স্থগিত

সংবাদদাতা, পশ্চিম যোৰহাট: যোৰহাটৰ বেচৰকাৰী সংগঠন নিম পুলিৰ প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰতিবছৰে জয়ধ্বনি নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিল যদিও ক’ভিড-১৯ সংক্ৰমণৰ বাবে চৰকাৰে আৰোপ কৰা নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই এই বছৰ স্থগিত ৰখিছে৷ এই অনুষ্ঠান পৰৱৰ্তী সময়ত

অনুষ্ঠিত কৰিব বুলি প্ৰচাৰ সম্পাদক বিনোদ গগৈয়ে জনাইছে৷ উল্লেখ্য, ঔষধি গুণসম্পন্ন নিম এই অনুষ্ঠানটোৰ লগত জড়িতসকলে বিগত ৩ বছৰ যোৰহাট জিলাত বসবাস কৰা লোকক ৰোপণৰ বাবে প্ৰদানৰ লগতে ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত-পৰিচালিত অনুষ্ঠানৰ প্ৰাঙ্গণত ৰোপণ আৰু প্ৰতিপালন কৰি আহিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: