অসম

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ ক্ষমতাকেন্দ্ৰিক সংঘাত নিষ্পতিৰ আহ্বান কৰ্ণধাৰ সমিতিৰ

আইনী গোচৰ প্ৰত্যাহাৰ কৰি সংবাদমেলযোগে একত্ৰিকৰণৰ প্ৰস্তাৱ

সংবাদদাতা, মেৰাপানী:- দীৰ্ঘদিন ধৰি অভ্যন্তৰীণ সংঘাতে জুৰুলা কৰা গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ বিবাদ নিষ্পতিৰ বাবে অৱশেষত সংবাদমেল যোগে আহ্বান জনালে কৰ্ণধাৰ সমিতিয়ে। উল্লেখ্য যে, ২০১৬ চনৰে পৰা আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিক লৈ দুটা পক্ষৰ মাজত হোৱা শীতল যুদ্ধৰ লগতে ক্ষমতা কেন্দ্ৰিক সংঘাতে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে অৱশেষত দুটা পক্ষৰ মাজত সংঘটিত হৈ অহা অভিযোগ, প্ৰতিঅভিযোগৰ নিষ্পতিৰ বাবে আজি আঠখেলীয়াৰ অতিথিশালাত অনুষ্ঠিত এক সংবাদ মেল যোগে কৰ্ণধাৰ সমিতিয়ে আহ্বান জনায়। উল্লেখযোগ্য যে আঠখেলীয়া নামঘৰৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰে পৰা শেহতীয়াকৈ পৰিচালনা সমিতিৰ কাৰ্যকাল আৰু বিষয়বাবক লৈ চলি অহা দুটা পক্ষৰ মাজৰ সংঘাতৰ মাজতে ২০১৬ চনত নামঘৰৰ মজিয়া ৰক্তাক্ত হোৱাৰ কলংকৃত অধ‍্যায়ৰ লগতে বৰ্তমানলৈকে গোলাঘাট জিলা প্ৰশাসনে হস্তক্ষেপ কৰিব লগা হোৱা পৰিস্থিতি পৰ্যন্ত এই দীৰ্ঘদিনীয়া বিৰ্তকৰ অন্ত পেলাই নতুন পৰিচালনা সমিতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে কৰ্ণধাৰ সমিতিয়ে। আজিৰ সংবাদমেল খনত কৰ্ণধাৰ সমিতিয়ে বৰ্তমান সমিতিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ কৰাৰ লগতে সংবিধান উলংঘা কৰাৰ অভিযোগ আনে। কৰ্ণধাৰ সমিতিয়ে দায়িত্ব লোৱাৰ পাছতো বৰ্তমান পৰিচালনা সমিতিয়ে গোলাঘাট জিলা উপায়ুক্তৰ তত্ত্বাবধানত গঠন কৰি দিয়া কৰ্ণধাৰ সমিতিক যাৱতীয় নথি-পত্ৰ, কাৰ্যালয়ৰ চাবি চমজাই নিদিয়াৰ লগতে বৰ্তমান চাৰিজন বিষয়ববীয়াক বাদ দি নামঘৰৰ বৰ বাৰিক, বাৰিক সকলো একত্ৰিত হৈছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি উপস্থিত থকা কৰ্ণধাৰ সমিতিয়ে জিলা উপায়ুক্তক বিষয়টো মীমাংসা কৰি দিবলৈ সংবাদমেলযোগে জনোৱাৰ লগতে একত্ৰীকৰণ বাবে বৰ্তমানেও আগবাঢ়ি নহা আন এটা পক্ষৰ কেউজনকে একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়ায়। ইফালে আঠখেলীয়া নামঘৰৰ সংঘাতক কেন্দ্ৰ কৰি আৰক্ষী থানাত তৰা সকলো গোচৰ উঠাই লোৱা বুলি সংবাদমেলত উল্লেখ কৰে। নামঘৰৰ খেলৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ ব‍্যক্তিয়ে বিষয়টো এৰাধৰাৰ মাজেৰে মীমংসা কৰি ঐতিহ্যমণ্ডিত ধৰ্মীয়পীঠখনৰ হেৰুওৱা গৰিমা ঘূৰাই আনিবলৈ আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: