অসম

ওদালগুৰিত পানীৰ দৰত বিক্ৰী হৈছে তৰমুজ : খেতিয়কৰ আশাত চেঁচা পানী

নিবাৰণ, উমেশ, সুনেশ্বৰ,মন্তূ ,কনক ৰাভাৰ সপোন ধূলিস্যাৎ

সংবাদদাতা, টংলা : বতৰৰ ফল তৰমুজ খেতিৰে স্বাৱলম্বী হোৱাৰ  সপোন দেখা ওদালগুৰি জিলাৰ বটাবাৰী গাঁৱৰ  জনজাতীয় উচ্চশিক্ষিত  খেতিয়ক নিবাৰণ , উমেশ ,সুনেশ্বৰ , মন্তূ, কনক ৰাভাৰ আশাত চেঁচাপানী ঢালিলে  অতিমাৰী কোৰোনা, প্ৰতিকূল বতৰ আৰু মধ্যভোগী দালালে। যাৰ বাবে চৰম দুৰ্যোগ আৰু মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে।

প্ৰচণ্ড আশা হেঁপাহ মনত পুহি ৰাখি দুগুণ উৎসাহেৰে খেতি পথাৰত নামি নিজৰ সাঁচতীয়া ধনেৰে সুস্বাদু  বতৰৰ ফল তৰমুজ খেতি কৰি উপাৰ্জিত  ফচলেৰে বজাৰত উপলব্ধ কৰি স্বাৱলম্বী হবলৈ মন মেলা বটাবাৰী গাঁৱৰ কবি, প্ৰগতিশীল খেতিয়ক নিবাৰণ ৰাভাই এইবেলি আন পাঁচজন সহযোগীৰ সৈতে প্ৰায় ত্ৰিশ বিঘা মাটিত ৬ লাখ ৫০ হেজাৰ টকা ব্যৱহাৰ কৰি তিনিমাহ ধৰি কপালৰ ঘাম মাটিত পেলাই অহৰহ ব্যস্ত হৈ পৰিছিল।

কিন্তু ফচল উৎপাদন কৰিও প্ৰকৃত মূল্য নোপোৱাৰ বাবে  লাভ হোৱা চাৰি অধিক লোকচানহে হৈছে। কবি হিচাপেও পৰিচিতি লাভ কৰা খেতিয়ক গৰাকীয়ে ওদালগুৰি তামূলপুৰ পথৰ বটাবাৰী আৰু মুৱামাৰীত ৩০বিঘা মাটিত জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগেৰে তৰমুজৰ খেতি কৰি বিঘাই প্ৰতি ৪০/৫০কুইণ্টল উৎপাদনৰ লক্ষ্য বান্ধি লৈ চল্লিশ হাজাৰৰ পৰা ৭০হাজাৰ টকা উপাৰ্জন কৰিবলৈ দিনে-নিশাই হাৰে-হিমজুৱে মনপুতি লাগিছিল যদিও সাম্প্ৰতিক অতিমাৰী কোৰোনাই আশাত চেঁচাপানী ঢালি নাজল- নাথল অৱস্থা কৰিলে।

আগৰতলা,শিলিগুৰি ,শিলচৰ অসমৰ নলবাৰী, গুৱাহাটী, বৰপেটা,গোৱালপাৰা, যোৰহাট জিলালৈকে যোগান ধৰা তৰমুজ বৰ্তমান সময়ত  কিলোৱে প্ৰতি মাত্ৰ পাঁচ বা সাত টকা দৰত বিক্ৰী কৰিবলগীয়া হোৱাত অধিক লোকচানৰ সন্মুখীন হৈছে বুলি জনোৱা খেতিয়ক গৰাকীয়ে মধ্য ভোগী দালাল বেপাৰী  এচামেও অতি সুলভ মূল্যত কিনি তৰমুজ ব্যৱসায়ত ৰাম টাঙোন সুধাইছে।আনহাতে এইকেইদিন ভূমিকম্পৰ পিছতে ধাৰাবাহিকভাৱে দিয়া বৰষুণৰ বাবেও তৰমুজ ব্যৱসায় আৰু উৎপাদনত  ব্যাপক ক্ষতিগ্ৰস্ত হৈছে। তৰমুজ পচিও গৈছে সৰিছেও।

আনহাতে এচাম খেতিয়কে হতাশাত ভুগি কিলোৱে প্ৰতি পাঁচ টকা দৰত দিবলগীয়া হোৱাত ফচলৰ উচিত মূল্য নোপোৱা হেতুকে নষ্ট কৰি পেলাইছে বুলিও জানিব পৰা গৈছে। ওদালগুৰি জিলাত খাদ্য বা ফলমূলৰ শীতলীকৰণ ভৱন নিৰ্মাণ আৰু আৰ্থিক সাহাৰ্য, ক্ষতিপূৰণ দিবলৈ খেতিয়ক সকলে জিলা কৃষি বিভাগ,বি টি আৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছে। ঋতুকালীন তৰমুজ খেতিৰ জৰিয়তে স্বাৱলম্বী হৈ নিজেও আন দহজন উচ্চ শিক্ষিত যুৱকৰ উদাহৰণ হবলৈ মন মেলা নিবাৰণ ৰাভাৰ দৰে, বতাবাৰী আৰু মোৱামাৰী অঞ্চলৰ শৰৎ ৰাভা,

দ্বীপেন ৰাভা, সুৰেণ ৰাভা, উমেশ ৰাভা, সুনেশ্বৰ ৰাভা, জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কনক ৰাভা, বৰ্তমানৰ সম্পাদক মন্তু ৰাভাই ৮০ বিঘাত তৰমুজ খেতিৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি গাঁঠিৰ ধন ভাঙিলে যদিও ফচলৰ উচিত মূল্য নোপোৱা খেতিয়ক সকলৰ বাবে চৰকাৰে সু-ব্যৱস্থা কৰিবনে? যিসময়ত অসমীয়া যুৱকে খেতি নকৰে, নাঙল যুৱলী ধোঁৱাচাঙত তুলিলে,

উচ্চ শিক্ষা লৈ চাকৰিমুখী হৈছে ইত্যাদি ইত্যাদি বদনামেৰে যুৱ চামক ঠাট্টা-মস্কৰা কৰি অহা সময়তে নিবাৰণ, উমেশ, ছোনেশ্বৰ, সুৰেণ, দ্বীপেন, কনক ৰাভাৰ দৰে উচ্চ শিক্ষিত যুৱকে তৰমুজ খেতিৰ জড়িয়তে স্বাৱলম্বী হ’বলৈ সুন্দৰ শুভংকৰ পদক্ষেপ গ্ৰহণ কৰা এইসকল খেতিয়কক চৰকাৰে তথা কৃষি বিভাগে স্বীকৃতি প্ৰদান কৰি উচিত মৰ্য্যদা দিবনে কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে আজিৰ তাৰিখত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: