অসম

ওদালগুৰি জিলাৰ গ্ৰামোন্নয়ন প্ৰাধিকীকৰণৰ প্ৰকল্প সঞ্চালক ভাস্কৰজ্যোতি বৰুৱাক শূন্য সহনশীল বঁটা

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ গ্ৰামোন্নয়ন প্ৰাধিকীকৰণৰ বিশিষ্ট প্ৰকল্প সঞ্চালক ভাস্কৰজ্যোতি বৰুৱাক ১৩ ডিচেম্বৰত ওদালগুৰিৰ গ্ৰামোন্নয়ন প্ৰাধিকীকৰণ কাৰ্য্যলয়ত প্ৰদান কৰা হয় দুৰ্নীতি বিৰোধী সহনশীল বঁটা -২০২১ প্ৰদান কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত ৰাজ্যখনৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত কেবাগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰাৰ লগতে ওদালগুৰি জিলাৰ গ্ৰামোন্নয়ন প্ৰাধিকীকৰণৰ বিশিষ্ট প্ৰকল্প সঞ্চালক ভাস্কৰ জ্যোতি বৰুৱাক ফুলাম গামোচা, শৰাই সঁফুৰা, জাপি, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ, প্ৰশস্তি পত্ৰ আৰু এটি স্মাৰকেৰে সন্মান আগবঢ়ায়। দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা লাভ কৰি উৎফুল্ল আৰু উৎসাহিত হোৱা ভাস্কৰজ্যোতি বৰুৱাই এই কৃতিত্বৰ ভাগ জিলা উপায়ুক্ত পি উদয় প্ৰবীণ, অভিযন্তা আৰু সহকৰ্মী সকলোৱে প্ৰাপ্য বুলি জানিব দিয়াৰ লগতে এই বঁটা প্ৰাপ্তিয়ে তেওঁক দুগুণ উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে আৰু ওদালগুৰি জিলাখনক আগবঢ়াই নিয়াত সবল ভূমিকা গ্ৰহণ কৰাৰ প্ৰতি বদ্ধপৰিকৰ বুলি কয়। দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা লাভ কৰা ভাস্কৰ জ্যোতি বৰুৱাক টংলা প্ৰেছ ক্লাব, সাংবাদিক সন্থা “আপকু”, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (পশ্চিম), সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ, ওদালগুৰি জিলা সাহিত্য সভাৰ যুৱ সংসদৰ সম্পাদক অৰূপ বড়ো, টংলা কবি সন্মিলনৰ আহ্বায়ক ফটিক নন্দন আৰু সচেতন ৰাইজে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: