অসম

ওদালগুৰি জিলাৰ শান্তিপুৰ, পানেৰী, ননৈ বনবিভাগৰ বাহনৰ জৰাজীৰ্ণ অৱস্থা

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰায়েই সংঘটিত হয় হাতী-মানুহৰ সংঘাত। ফলশ্ৰুতিত প্ৰত্যেক বছৰেই বহু সংখ্যক লোক আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লবলগীয়া হয়। হাতী-মানুহৰ সংঘাতৰ খবৰ পোৱাৰ পিছতো বনবিভাগৰ সুৰক্ষা কৰ্মী সকল সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰে যাৰফলত বনবিভাগক ৰাইজে ‘বিয়াগোম বনবিভাগ’ নামাকৰণ কৰিছে।

ওদালগুৰি জিলাৰ শান্তিপুৰ, পানেৰী আৰু ননৈ ৰেঞ্জৰ বন সুৰক্ষা কৰ্মী সকলৰ বাবে ব্যৱহৃত বাহনসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত বনবিভাগৰ বন সুৰক্ষা কৰ্মী সকল ঘটনাস্থলীত সময়মতে উপস্থিত হ’ব নোৱাৰে। নিশাৰ অন্ধকাৰত দুৰ্গম ঠাইলৈ যাবলগীয়া হলে চিন্তাৰ বিষয় হৈ পৰে এই সকল বনকৰ্মীৰ, কাৰণ তেওঁলোকে ব্যৱহৃত অধিকাংশ বাহনৰেই নজ্বলে লাইট। তাঁৰ, ৰছী আদিৰে লাইট বান্ধি ৰখা এই বাহন সমূহ ঠেলা মাৰি মাৰি লৈ যাবলগীয়া পৰিস্থিতি হয়।

ইমানখিনি কষ্ট আৰু দুৰ্দশাৰ মাজতো কিন্তু কৰ্তব্য পালন কৰি গৈছে বন সুৰক্ষা কৰ্মীসকল। বিলাসী বাহত ঘূৰি-ফুৰা আমোলা-বিষয়া সকলে কিন্তু খবৰ ৰখা নাই এইসকল বন কৰ্মীৰ। বনবিভাগ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ সত্বেও এখন ভাল বাহন যোগান ধৰা পৰিলক্ষিত হোৱা নাই সংশ্লিষ্ট বন সুৰক্ষা কৰ্মী সকলক। এই ক্ষেত্ৰত বনবিভাগ তথা শাসকীয় চৰকাৰ খনে কি ব্যৱস্থা ল’ব সেয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: