অসম

ওদালগুৰি জিলাৰ সাহিত্য সভাৰ ২য় বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

সংবাদদাতা, টংলা:- ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ওদালগুৰি জিলা সাহিত্য সভাৰ ২০২১ বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন যোৱা ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হয় যায়৷ দেৱেশ্বৰ শৰ্মাদেৱৰ মঙ্গলাচৰণেৰে শুভাৰম্ভণি হোৱা সভাখনত সভাপতিত্ব কৰে জিলা সভাপতি মাননীয় হৰেশ্বৰ কলিতাদেৱে৷ সভাৰ বিশেষ কাৰ্যসূচী হিচাবে ওদালগুৰি জিলা সাহিত্য সভাৰ বহুপ্ৰত্যাশিত ‘ভ্ৰাম্যমাণ পুথিভৰাঁল’টিৰ শুভাৰম্ভণি কৰা হয়। উক্ত পৰ্যন্ত ৬৫ জন দাতাই আগবঢ়োৱা গ্ৰন্থৰ প্ৰতিটো শাখাক ৩০ খনকৈ ২৪টা শাখাক মুঠ ৭২০ খন গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়৷ ৫ চেপ্তেম্বৰত গঠন কৰা নতুন শাখা ক্ৰমে ‘চুঙাবুদ্ধি সাহিত্য সভা’ আৰু ‘ধনশ্ৰী সাহিত্য সভা’ক জিলা সভাই স্বীকৃতি প্ৰদানেৰে আদৰণি জনায়৷যোৱাবৰ্ষত ‘কাব্যসাধনা বঁটা’ৰ শুভাৰম্ভণি কৰা ওদালগুৰি জিলা সাহিত্য সভাই এইবেলি ২০২১ বৰ্ষত ‘গল্প সাধনা বঁটা’ প্ৰদান কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তাৱটি আজি সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হয়৷ প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া এই বঁটাটি আগবঢ়োৱা হ’ব টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক, বিশিষ্ট গল্পকাৰ মাননীয় জয়ন্ত চক্ৰৱৰ্তীদেৱক। অহা ৩ অক্টোবৰৰ দিনা বামুণজুলি শাখা সাহিত্য সভাই আয়োজন কৰা জিলা কাৰ্যসূচীত এই বঁটাটি আগবঢ়োৱা হ’ব৷ আগন্তুক ২য় আৰু ৩য় জিলা কাৰ্যনিৰ্বাহক সভা দুখন ক্ৰমে অক্টোবৰৰ শেষ বা নবেম্বৰৰ প্ৰথম সপ্তাহত ৰৌতা সাহিত্য সভাই আৰু ৩য় কাৰ্য্যনিৰ্বাহক সভাখন ডিচেম্বৰত ইকৰাবাৰী সাহিত্য সভাই অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ সেইদৰে ডিচেম্বৰ মাহতে ‘আজীৱন সভ্যৰ সন্মিলন’ আৰু ‘জীৱনীকোষ’ উন্মোচনৰ কাৰ্যসূচীটো আজি গৃহীত হয়৷ ২০২০-২২ বৰ্ষৰ জিলা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি ২০২২ চনৰ ২৩ জানুৱাৰীত কৰিৰালি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব৷ আজি কবিৰালি সাহিত্য সভাৰ সজাঁতি দলে সাহিত্য সভাৰ পৰম্পৰাৰে আগন্তুক অধিৱেশনখনি আহ্বান কৰে৷ সভাৰ অনুমোদনক্ৰমে এইবাৰৰ পৰা ওদালগুৰি জিলা সাহিত্য সভাত ‘শ্ৰেষ্ঠ শাখা’ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয়৷ মূলতঃ কাৰ্যসূচী ৰূপায়ণক মাপকাঠি হিচাবে লৈ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ’ব আৰু শেষ্ঠ দলক অধিবেশনত বঁটা প্ৰদান কৰা হ’ব বুলি অনুষ্ঠানত আলোচনা কৰা হয়। শাখাসমূহে প্ৰকাশ কৰা ‘পত্ৰিকা’ ৰ বাবে আজি ‘শ্ৰেষ্ঠ পত্ৰিকা’ৰ বঁটা এটি ঘোষণা কৰা হয়৷ এই বঁটা অধিবেশনত প্ৰদান কৰা হ’ব৷ উপসমিতি ক্ৰমে ’কুঁহি’, ’আকাশ’ যুৱ সংসদ, ’কবি সন্মিলন’ৰ সন্মিলন সমূহ চেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব বুলি আহ্বায়ক মণ্ডলীয়ে আজিৰ সভাৰ প্ৰতিশ্ৰুতি দিয়ে৷ শেষত অসম সংগীত পৰিবেশনেৰে আজি কাৰ্যনিৰ্বাহক সভাৰ সামৰণি মৰা হয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: