অসম

ওদালগুৰি জিলা আটছাৰ কৰ’না মহামাৰীৰ প্ৰতি ৰাইজক সজাগ হ’বলৈ আহ্বান

সংবাদদাতা, টংলা : বর্তমান সমগ্ৰ দেশত কৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আতংকিত হৈ পৰিছে জনগণ। এনে হেন সন্ধিক্ষণত ৰাইজৰ মাজত সজাগ আনিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওৰঙ্গাজুলি চাহ বাগিচাৰ কৰ্তৃপক্ষ,

আছা, ওৰঙ্গাজুলি চি, আই, টিউ,এচি,এম এছৰ সহযোগত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে সজাগতা সভা আয়োজন কৰে। ৰাইজক আতংকিত নহয় সজাগ হ’বলৈ আহ্বান জনায় লগতে মাস্ক পৰিধান, চাবোনেৰে হাত ধোঁৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা,

যধে-মধে চলাফুৰা নকৰিবলৈ আহ্বান জনায়।উক্ত সজাগতা অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা সমিতি (আটছা)ৰ সভাপতি দ্বীপ তান্তী, ওৰঙ্গাজুলি চাহ বাগিচাৰ কল্যাণ বিষয়া কাৰামজিত শিং, ওদালগুৰি জিলা সমিতি (আছা)ৰ সাংগাঠনিক সম্পাদক ৰবিন গোৱালা,

হৰিশ তান্তী, উপ সভাপতি পানেৰী শাখা সমিতি (আটছা), জুছপিল টাকৰি, সভাপতি গৰুৱাঝাৰ উপ শাখা সমিতি( আটছা) লগতে ওৰঙ্গাজুলি প্ৰাথমিক গোট চি আই টিউৰ সভাপতি ৰাজেন তান্তী, সম্পাদক বাছিল চাম্পিয়া আৰু ওৰঙ্গাজুলি প্ৰাথমিক গোট এছি, এম এছৰ সম্পাদক মধু তান্তীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: