অসম

ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সম্বৰ্ধনা আৰু কার্যনিৰ্বাহক সভা সম্পন্ন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা ৰাভা সাহিত্য সভাই ২৪ নৱেম্বৰত অবিভক্ত দৰং জিলা ৰাভা সাহিত্যৰ প্ৰাক্তন সভাপতি, কৃতি শিক্ষক, শৰণাচাৰ্য, লেখক ৰামচন্দ্ৰ ৰাভাক জলাহ নভাঙাস্থিত অসমৰ এটি অন্যতম নাট্যগোষ্ঠী দাপোন দ্য মিৰ’ৰৰ প্ৰাংগণত আবেলি ৩বজাত ৰাভা জাতীয় সাজপাৰ, প্ৰশস্তি পত্ৰ, ফুলাম জাপি, গামোচা আৰু শৰাই সঁফুৰাৰে বিপুল ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। দৰং জিলা ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সুৰেন্দ্ৰ মোহন ৰাভা, ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সভাপতি দেৱ কুমাৰ ৰাভা, সম্পাদক বীৰেন কুমাৰ ৰাভা, সহকাৰী সম্পাদক বেণুধৰ ৰাভা, দেওমৰনৈ মহাবিদ্যালয়ৰ অধ্যাপক বীৰেন্দ্ৰ কুমাৰ ৰাভা,

নিখিল ৰাভা সাহিত্য সভাৰ উপসভাপতি বাবুল চন্দ্ৰ ৰাভা, টংলা আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি খৰ্গেশ্বৰ ৰাভা, পত্ৰিকা সম্পাদক নিবাৰণ ৰাভা প্ৰমুখ্যে জিলা, আঞ্চলিক সাহিত্য সভাৰ বিষয়ববীয়া, ৰাভা মহিলা পৰিষদ আৰু ৰাভা ছাত্ৰ সন্থাৰো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। পুৱা ১০ বজাত মাকেলিকান্দা প্ৰাথমিক বিদ্যালয়ত জিলা ৰাভা সাহিত্য সভাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় বুলি জানিব দিয়ে। উক্ত সভাত ৰাভা ভাষা সাহিত্যৰ উত্তৰণ, চৰ্চ্চা বিকাশ, প্ৰচাৰ-প্ৰসাৰ আৰু শিক্ষক নিযুক্তি, ৰাভা পৰীক্ষাৰ ওপৰতো আলোচনা কৰা হয় বুলি জানিব দিয়ে সম্পাদক বীৰেন চন্দ্ৰ ৰাভাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: