অসম

কʼভিদ পৰিস্থিতিৰ বুজ ল’বলৈ ৰঙিয়াত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

সংবাদদাতা, ৰঙিয়া : ৰাজ্যৰ লগতে সমগ্ৰ কামৰূপ জিলাতে কৰ’না মহামাৰী য়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে মঙ্গলবাৰে কামৰূপ জিলাৰ দায়িত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰঙিয়াত উপস্থিত হয়। মন্ত্ৰী গৰাকীয়ে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্য্যালয়ত উপস্থিত হৈ

কাৰ্য্যালয়টোৰ সভাকক্ষত ৰঙিয়া সমষ্টিৰ বিধায়ক, ভৱেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক, কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়  লগতে ৰঙিয়া মহকুমাৰ উচ্চপৰ্য্যায়ৰ বিষয়া সকলৰ লগত মিলিত হয়।

মন্ত্ৰী গৰাকীয়ে সকলোৰে লগত কভিদ মহামাৰী সন্ধৰ্ভত আলোচনা কৰি প্ৰজেক্টৰৰ সহায়ত ৰঙিয়া মহকুমাৰ কʼভিদ পৰিস্থিতিৰ বুজ লয়। সভাত উপস্থিত থকা স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ লগতে আন কেইবাটাও বিভাগৰ বিষয়া সকলক কৰ’না মহামাৰী সম্পৰ্কত সঠিকভাবে তদাৰক কৰিবলৈ আহ্বান জনায়।

ইফালে কʼভিদ নিয়ম উলংঘা কৰা নাগৰিক সকলৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰক্ষীক অনুৰোধ জনাই কেবিনেট মন্ত্ৰী পাটোৱাৰীয়ে। সভাৰ অন্তত মন্ত্ৰী পাটোৱাৰীয়ে  যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি জনায় সংবাদ মাধ্যমৰ আগত। 

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: