uncatagorised

ককা-আইতাই কাঁহীৰ কাষত এৰেহা ভাত এৰিছিল কিয় ? জানক সবিশেষ…

ডিম্বেশ্বৰ ভূঞা, মাজুলী

স্কুলীয়া জীৱনৰ সপ্তমমানলৈকে ঘৰলৈ অহা কোনোবা আলহীয়ে কাঁহীৰ কাষত এৰেহা হিচাপে নাওমান ভাত এৰিলে , “ষ্টাইল ” বুলি ভাবিছিলোঁ আৰু কৈছিলোঁ। পিছলৈ সেই ভুল ভাগিল আৰু বুজিলোঁ যে খাদ্যৰ এনে ত্যাগত খাওঁতাজনৰ এক মানৱমুখী দৰ্শন লুকাই থাকে। খাওঁতাজনে চৰাই-চিৰিকটি, কুকুৰ, মেকুৰী ইত্যাদি প্ৰাণীসমূহৰ বাবেই এই ভাতমুঠি এৰি থৈ যায়।


বোধকৰোঁ নৱম শ্ৰেণীৰ পাঠ্যপুথিত তীৰ্থনাথ শৰ্মাৰদেৱৰ ৰচিত পাঠ “স্বৰ্গাৰোহণ আৰু স্ব-ৰাজ্য ” পঢ়োঁতে জানিবলৈ পালোঁ অতিভোজনৰ বাবে ভীম সোঁশৰীৰে স্বৰ্গলৈ যাব নোৱাৰিলে৷ ভীমে এগৰাহ বেছিকৈ খোৱাৰ বাবে আন এজনে লঘোণে থাকিব লগা হৈছিল৷ প্ৰয়োজনতকৈ বেছিকৈ খোৱাটো স্বাস্থ্যৰ বাবে যেনেকৈ অপকাৰী, এনে অভ্যাসে দহৰ আৰু ইতৰ জীৱ-জন্তুৰ জীৱন ধাৰণত বিৰূপ প্ৰভাব পেলায়।


নিজেও জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া, (ইংৰাজীত Live and let live) — উৰণ , বুৰণ ,গজন আৰু ভ্ৰমণ– এই চাৰি মুঠি জীৱৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ইয়াতকৈ সোণসেৰীয়া চুটি বাক্য আছেনে বাৰু ? এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বাণী “পৰিস্থিতি-তন্ত্ৰ (Eco – System ) পুনৰুজ্জীৱিত কৰোঁ আহক” কাঁহীত এৰা ভাতকেইটাই তাহানিৰে পৰা ঘোষণা কৰি থকা নাইনে ?

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: