অসম

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল; ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৃহৎ জয়

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা। দুটা বছৰৰ বিতৰিৰ পিছত মঙলবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আছু সমৰ্থিত প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে। সদ্যঘোষিত ফলাফলত ছটাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অসম ছাত্ৰ পৰিষদৰো কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰে এই নিৰ্বাচনত। একেদৰে আছু সমৰ্থিত কেইবাগৰাকীও প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হয় কটন বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচনত। নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকল হ’ল- সভাপতি পদত নিয়ৰ ডেকা (অসম ছাত্ৰ পৰিষদ), সাধাৰণ সম্পাদক পদত অভিষেক মহন্ত (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি), উপ-সভাপতি পদত হীনা দেউৰী (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি), উপ-সাধাৰণ সম্পাদকৰ পদত জুমি গগৈ (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি), সাংস্কৃতিক সম্পাদক পদত চন্দ্ৰ জ্যোতি বণিয়া (অসম ছাত্ৰ পৰিষদ), তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক পদত সুদৰ্শন শৰ্মা (আছু), ছাত্ৰী জিৰণি কোঠাত নম্ৰতা বৰুৱা (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি), লঘু ক্ৰীড়া বিভাগত ছাত্ৰ মুক্তিৰ ফৰ্মাশ্ৰী ব্ৰহ্ম (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি), ক’ৰ্ট মেম্বাৰ পদত চন্দ্ৰামিতা দাস (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি), ক্ৰিকেট বিভাগৰ সম্পাদক পদত নিয়ৰ মণি কলিতা (অসম ছাত্ৰ পৰিষদ), কটনিয়ানৰ সম্পাদক পদত শাশ্বতী প্ৰিয়দৰ্শিনী (আছু), ছাত্ৰ জিৰণি চ’ৰা সম্পাদকৰ পদত আকাশ ভট্টাচাৰ্য (আছু), সমাজসেৱীকা সম্পাদক পদত নম্ৰতা শৰ্মা (আছু), সংগীত বিভাগৰ সম্পাদক পদত উজ্জীৱিত বৰুৱা (আছু), ফুটবল আৰু হকী বিভাগত ৰূপম দেউৰী (আছু), এথলেটিক সম্পাদকত এনিশা বুংৰুং (আছু), টেনিছ, সাঁতোৰ আৰু শৰী চৰ্চা বিভাগৰ সম্পাদকত দ্বীপশিখা কাকতি (আছু), কৰ্ট মেম্বাৰ দ্বিতীয়টো পদত নেপুৰ ৰঞ্জন হাজৰিকা(আছু)ৰ জয়লাভ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: