অসম

কবি ৰিতু ভৰালীৰ ‘চহৰৰ গলিৰ কাহিনীবোৰ নামেৰে’ গ্ৰন্থ উন্মোচন

সংবাদদাতা, গোলাঘাট:- অসম গ্ৰন্থমেলাত গুৱাহাটীস্থিত যোৰহাটৰ যুৱ কবি ৰিতু ভৰালীৰ “চহৰৰ গলিৰ কাহিনীবোৰ” নামেৰে গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখন শুভ উন্মোচন কৰে সাহিত্যশ্ৰী ড° সীমা বৰা কাব্যশ্ৰী অনুপ কুমাৰ তালুকদাৰ বোলছবি পৰিচালক লৰ্ড দাস, বিনয় চলিহা, শিশু সাহিত্যক সুৰেন্দ্ৰ মোহন দাস, ৰুমী ভূঞা, বিপুল শৰ্মা, কবি তথা সমাজসেৱক মামনী পাটোৱাৰী সংগ্ৰামী নাৰী মিনু হাজৰিকা, আৰোহণ পাব্লিকেশ্যন পৰা উক্ত গ্ৰন্থখন প্ৰকাশৰ বাট মুকলি হয় তেখেতৰ প্ৰথমখন কবিতা পুথি “ ত্ৰিশক্তি।” যোৱা ১০ অক্টোবৰ ২০২১ বৰ্ষত “ত্ৰিশক্তি”ক ‘গুৰু’ সমাজৰ নামত উছৰ্গা কৰে। সেইদৰে বুধবাৰে “ চহৰৰ গলিৰ কাহিনীবোৰ “ গ্ৰন্থখন কবিয়ে ‘নাৰী’ সমাজলৈ উছৰ্গা কৰে। কবিৰ ‘চহৰৰ গলিৰ কাহিনীবোৰ’ গ্ৰন্থখন নাৰী জীৱনক আগত ৰাখি কলমৰ শব্দ নিগৰাই। কবিৰ কবিতাত আছে নাৰীক সন্মান, শান্তিকামী সমাজ, এখন সেউজীয়া পৃথিৱী কাম্য। তেখেত বৰ্তমান সদৌ অসম কবি চক্ৰৰ “আমাৰ কবিৰ কবিতা” অনুষ্ঠানৰ পৰিচালক লগতে আৰোহণ ফাউণ্ডেশ্যন উদ্যোগত “আৰোহণ শব্দ ৰাগিনী” অনুষ্ঠানৰো পৰিচালক হিচাপে সাহিত্য সমাজত সেৱা আগবঢ়াই গৈছে। তেখেতে নিজৰ লগতে বহু কেইজন নৱ প্ৰজন্মক সাহিত্যৰ পথাৰলৈ আগুৱাই আনিছে। যুৱ সমাজ সেৱক তথা কবি ৰিতু ভৰালীৰ লগতে সেই একেই মঞ্চতে হেমন্ত দাসৰ “বেঁকা চাৱনিৰ মিঠা হাঁহিৰ ছোৱালীজনী” প্ৰণৱ কুমাৰ দাসৰ “জীৱন আৰু ভালপোৱা দিনবোৰ” স্বৰ্ণালী গগৈৰ “একাঁজলি অনুভৱৰ ৰাগিনী” আদি গ্ৰন্থ কেইখনো উন্মোচন কৰা হয়। এওঁলোকক আগুৱাই নিয়াৰ পথিকৃত হৈছে যুৱ সমাজ সেৱক তথা কবি ৰিতু ভৰালী।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: