অসম

ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন কৌতুক অভিনেতা ৰাজীৱ ক্ৰ’

সাংস্কৃতিক সংবাদদাতা : জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ ক্ৰ’ বৰ্তমানো চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত। যোৱা ১৩ মে’ৰ পৰা ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিৰ্মিত ক’ভিড বিশেষ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতাজন।

মাজে মাজে অভিনেতা জনক অক্সিজেনৰ প্ৰয়োজন হৈছে। তথাপিও তেখেতৰ ওচৰত থকা ৰোগীসকলৰ ধৈৰ্য্য আৰু মনোবল বৃদ্ধি কৰিবলৈ অভিনেতা জনে নানা ধৰণৰ উপদেশ দি আহিছে। জানিব পৰা মতে শিল্পীগৰাকীৰ ১১ আৰু ১৬ বছৰীয়া কন্যা সন্তান দুগৰাকীও বৰ্তমান ক’ভিড আক্ৰান্ত হৈ ডিফুতে  হোম আইছ’লেশ্বনত আছে।

এতিয়া দুই কণমানিৰ পৰা আতৰি থকা দুখত চিন্তিত হৈ পৰিছে অভিনেতা ৰাজীৱ ক্ৰ’। বিভিন্ন ঠাইৰ পৰা অনুৰাগী সকলে অভিনেতা জনৰ লগতে তেখেতৰ পৰিয়ালটোৰ আশু আৰোগ্য কামনা কৰিছে। আমিও ‘অসম বাৰ্তা’ৰ তৰফৰ পৰা অভিনেতা ৰাজীৱ ক্ৰ’ৰ লগতে তেখেতৰ পৰিয়ালটোৰ আশু আৰোগ্য কামনা কৰিলোঁ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: