অসম

ক’ভিড আক্ৰান্ত দৰিদ্ৰ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান দেৰগাঁও সমষ্টিৰ বিধায়কৰ

সংবাদদাতা, পশ্চিম যোৰহাট : ক’ভিড-১৯ ত আক্ৰান্ত হৈ গৃহবন্দী হৈ থকা দেৰগাঁও আৰু যোৰহাট বিধানসভা সমষ্টিৰ এলেকভূক্ত ২৫ টা পৰিয়ালক ৯৭ নং দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ১৫ জুনত খাদ্য-সামগ্ৰী প্ৰদান কৰে। দলীয় কৰ্মীসকলক লগত লৈ বিধায়কজন পৰিয়ালকেইটাক

পদূলি মুখতে খাদ্য-সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। উল্লেখ্য, বিধায়কজনে পূৰ্বেও সমষ্টিটোৰ এলেকভূক্ত বহু পৰিয়ালক খাদ্য-সামগ্ৰীৰ টোপোলা প্ৰদান কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব বুলি জনাইছে যদিও ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি চলাৰ লগতে

বিনামূলীয়াকৈ প্ৰদান কৰি থকা ভেকচিন ১৮ বছৰৰ ওপৰৰ সকলোকে স্বাস্থ্য বিভাগে ধাৰ্য্য কৰি দিয়া স্থানত উপস্থিত হৈ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। তদুপৰি মাস্ক পৰিধান, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে সঘনাই চাবোনেৰে হাত ধুই থাকিবলৈ সকলোকে বিধায়কজনে অনুৰোধ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: