অসম

ক’ভিড কালত যোৰহাটৰ দহ হাজাৰটা পৰিয়ালক খাদ্য-সামগ্ৰী যোগান অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ

সংবাদদাতা, বাহনা আৰু পূৱ যোৰহাট:- ৰাষ্ট্ৰীয় প্ৰক্ষাপটত ‘অক্ষয় পাত্ৰ ফাউণ্ডেচন’ এটা আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ( N G O )। এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ জনগনৰ বিভিন্ন দুৰ্যোগৰ সময়ত বিভিন্ন প্ৰকাৰৰ জনসেৱা আগবঢ়াই আহিছে। দেশত হোৱা বানপানী, ভূমিকম্প, অন্য প্ৰাকৃতিক দুয্যোগৰ সময়ত গাঁৱৰ বা নগৰৰ জনগনক খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন প্ৰকাৰৰ সহায় আগবঢ়াই আহিছে। বৰ্তমানে কভিড ১৯ এ সমগ্ৰ ভাৰতৰ মেহনতি কৰি খোৱা তথা দিন-হাজিৰা কৰা দৰিদ্ৰ পৰিয়াল সমূহৰ জীৱন আৰু জীৱিকা পানীত হাঁহ-নচৰা অৱস্থাৰ সৃষ্টি কৰিলে। তেনে পৰিস্থিতিত অক্ষয় ফাউণ্ডেচনে সমগ্ৰ ভাৰতত প্ৰায় এক লাখৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ কথা সদৰী কৰে অক্ষয় ফাউণ্ডেচনৰ যোৰহাটৰ সভাপতি সন্তোষ ৰঞ্জন তামোলীয়ে। আজি যোৰহাটৰ কৰঙাৰ বণমালী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা খাদ্যসামগ্ৰী প্ৰদান অনুষ্ঠানত সভাপতিত্ব আসন গ্ৰহণ কৰি তেখেতে ‘ৰতাৰী ইণ্টাৰনেছনেল ক্নাৱৰ’ যোৰহাটৰ চেয়াৰমেনৰ দায়িত্বত থাকী সামাজিক দিশত কৰি থকা ৰ’তাৰী ক্নাৱৰ কৰ্ম আঁচনিৰ সম্পৰ্কতো বহলাই কয়। যোৰহাটৰ সমাজকৰ্মী জগন্নাথ অগ্নি বৰা উপস্থিত থকা সাহায্য প্ৰদান অনুষ্ঠানত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সম্বন্বয়ক ডিম্বেশ্বৰ ডেকাই অক্ষয় পাত্ৰ ফাউণ্ডেচনে যোৰহাট জিলাতে ১০ হাজাৰৰ অধিক পৰিয়ালক প্ৰায় ১১ শ টকাৰো অধিক মূল্যৰ খাদ্য-সামগ্ৰী ক’ভিড কালত বিতৰণ কৰাৰ কথা উল্লেখ কৰে। বণমালী সাংস্কৃতিক কেন্দ্ৰৰ বিষয় ববিয়া তথা সমাজকৰ্মী মুনিন্দ্ৰ নাথ দত্তৰ প্ৰচেষ্টাত পৰিচালিত সামগ্ৰী প্ৰদান কায্যসূচীত সম্যক প্ৰিতম প্ৰয়াসৰ উপস্থিতিত ১৫০টা পৰিয়ালক খাদ্য-সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: