অসম

ক’ভিড প্ৰ’টকলৰ মাজেৰে যোৰহাটত অমৰ শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক আত্মহুতি দিৱস পালন

সংবাদদাতা, বাহনা : যিজন স্বাধীনতা সংগ্ৰামীয়ে মহাত্মাগান্ধীৰ অহিংস আন্দোলনৰ সমৰ্থনত জীৱনৰ শেষমুহূৰ্তলৈকে নিমখ (লোণ) মুখত নিদিলে তেনে এজন সংগ্ৰামী পুৰুষক ধংশাত্মক কায্যত মিছা অভিযোগত দোষী সাব্যস্ত কৰি ফাচী দিয়া হ’ল। নিজে ফাচী কাঠত ওলমি দেশবাসীক হাঁহি মুখে ধন্যবাদ জনাইছিল যে ইমানবোৰ মানুহৰ ভিতৰত মোক বাচি লোৱাৰ বাবে। এই ক্ষেত্ৰত কুশল কোঁৱৰে বৃটিছক আক্ষেপ কৰা নাছিল, এই মহৎ কামৰ কোনো তুলনা নাই।

আজি যোৰহাট জিলা মুক্তিযুঁজাৰু সম্মিলনৰ উদ্যোগত আৰু মহেন্দ্ৰ নাথ মুকলি কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত অমৰ শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক আত্মহুতি দিৱসৰ স্মৃতিচাৰণ সভাত সম্মিলনৰ কায্যকৰী সভাপতি গিৰীশ বৰদলৈয়ে এনেদৰে কয়। কাৰাগাৰৰ অধীক্ষক মুক্তিযুঁজাৰু জীয়ৰী ৰাজু হাজৰিকাই প্ৰতিবছৰে শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদ কমলামিৰীৰ সমাধিত ১৫ জুন তাৰিখত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা অৱগত কৰে।‌

অনুষ্ঠানৰ আঁত ধৰি মুণিন্দ্ৰ নাথ দত্তই ক’ভিড প্ৰ’টকলৰ প্ৰতি লক্ষৰাখি যোৱাবছৰ আৰু চলিত বছৰত অনুষ্টুপীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি শ্বহীদ জনাক সম্মান জনায়। সম্মিলনৰ উপসভাপতি ড° প্ৰমোদ চন্দ্ৰ নেঁওগে কুশল কোঁৱৰ জন্ম, অৱদান , কমলামিৰীৰ আদৰ্শ সম্পৰ্কত বক্তব্য ৰাখে। যোৰহাট জেইলৰ যোগেন নাথে শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানত সম্মিলনৰ সাধাৰণ সম্পাদক ধিৰেন্দ্ৰ কুমাৰ গগৈয়ে যোৰহাটৰ শ্বহীদ দুজনাৰ সমাধিস্থান পয্যতকৰ আকৰ্ষণ হোৱাকৈ গঢ়ি তুলিব লাগে বুলি চৰকাৰক আহবান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: