অসম

ক’ভিড প্ৰ’টকল মানি দিনৰ ১২ বজাতেই জনশূন্য জুৰীয়াৰ বজাৰ

সংবাদদাতা, জুৰীয়া : কৰ’না অতিমাৰীয়ে ৰাজ্যত উদ্বেগ  জনকভাৱে ধাৰন কৰিছে এক জটিল ৰূপ৷ কৰ’নাই মৃত্যুৰ কিৰিলিত পৰিনত কৰা  ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি চৰকাৰে  জাৰি কৰিছে  নতুন নীতি-নিৰ্দেশনা।

চৰকাৰৰ  নতুন নীতি নিৰ্দেশনা অৰ্থাৎ নতুন এছ অ পিয়ে যেন  মুখৰ ভাত কাঢ়িব লৈছে দৰিদ্ৰ জনতাৰ। চৰকাৰৰ নতুন এছ অ পি মৰ্মে গ্ৰাম্যাঞ্চলত দিনৰ ঠিক এক বজাৰ পৰা দোকান-পোহাৰ, বজাৰ-ঘাট বন্ধ।

লগতে দিনৰ ঠিক দুই বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হৈছে। চৰকাৰৰ এই নীতি-নিৰ্দেশনাই নগাঁও জিলাৰ জুৰীয়াৰ ত্ৰাহিমধুসুধন সোঁৱৰাইছে দৰিদ্ৰ  খুচুৰা বিক্ৰেতা, ঠেল-ৰিক্সা,অটো, ই-ৰিক্সা, মেজিক গাড়ী চালক, ফুট পথত শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ উপৰিও দিন হাজিৰা কৰা বনুৱা সকলক।

কাৰণ বৃহত্তৰ অঞ্চলটোত এনে বহু সহশ্ৰাধিক পৰিয়াল আছে যি বোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়। নিৱনুৱা সমস্যাৰে জৰ্জৰিত জুৰীয়াৰ বহু সংখ্যক পৰিয়ালৰ আৰ্থিক দুৰৱস্থা শোচনীয়। তৎস্বতেও নগাঁও জিলাৰ জুৰীয়াত ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে জুৰীয়াৰ জনসাধাৰণে।

এই ক্ষেত্ৰত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃগেন শইকীয়াৰ তৎপৰতাক শলাগ ল’বলগীয়া। আৰক্ষী বিষয়া গৰাকীয়ে পাৰ্যমানে দৰিদ্ৰ  সহায় কৰি থকাৰ সমান্তৰালভাৱে অঞ্চলটোত যাতে কভিড প্ৰটকল ভংগ নহয় তাৰ বাবে দিনে নিশাই নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি  গৈছে।

উল্লেখ্য যে চৰকাৰে জাৰি কৰা নতুন এছঅ’পিখনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাইছে জুৰীয়াৰ সচেতন ৰাইজে। নিমাওমাও পৰিবেশ বিৰাজ কৰে বৃহত্তৰ অঞ্চলটোত। ইয়াৰ উপৰিও যান বাহন চলাচল বন্ধ হৈ পৰে।

মুঠৰ ওপৰত বৃহত্তৰ জুৰীয়াবাসীয়ে ৰাজ্য চৰকাৰৰ কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে কৰ’না মহামাৰীৰ আতংকৰ পৰা নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ যদিও বাধ্য হৈছে জনসাধাৰণ কিন্তু চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছে জুৰীয়াৰ সচেতন ৰাইজে।

সচেতন ৰাইজৰ মতে দৰিদ্ৰ জনসাধাৰণে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ বাধ্য কিন্তু পৰিয়ালত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই চ’ৰা দামে জীয়াতু ভোগাইছে এই ক্ষেত্ৰত চৰকাৰেও জনমুখী ব্যৱস্থাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

নহ’লে অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ ভয়ংকৰ বিপদত পৰিব কাৰণ আয় হলেহে ব্যয় কৰিব। যদি আয়ৰ বাবে সময় নাপায় ব্যয় কৰিব কিহৰ পৰা ? ইফালে পৰিয়াল পোহ পাল দিবলৈ ব্যয় নিয়মীয়াকৈ কৰিবই লাগিব। এনে সমস্যাসমূহ লক্ষ্যৰাখি দৰিদ্ৰ সকলক চৰকাৰে সাহায্যৰ দিয়াৰ দাবী জনাইছে  জুৰীয়াৰ সচেতনমহলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: