অসম

ক’ভিড ভেকচিন লোৱাত কোনো বাধা নাই টিবি ৰোগীৰ

সংবাদদাতা, বাহনা:- বৰ্তমান ক’ভিড-১৯ক সমগ্ৰ ৰাষ্ট্ৰত নিৰ্মূল কৰিবৰ বাবে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ স্বাস্থ্য বিভাগে ভেকচিন প্ৰদানৰ যি ব্যৱস্থা অব্যাহত ৰাখিছে সেই ব্যৱস্থাত টি বি ৰোগত আক্ৰান্ত সকলে ভেকচিন ল’ব নোৱাৰে বুলি কিছু উৰা বাতৰিয়ে টি বি ৰোগীক বিভ্ৰান্তিত পেলোৱা দেখা গৈছে। এই ক্ষেত্ৰত টি বি ৰোগীৰ প্ৰতি সাধাৰণ ৰাইজৰ যিটো দৃষ্টিভঙ্গী আৰু টি বি ৰোগ যে বৰ্তমান সম্পূৰ্ণ নিৰাময় কৰিব পাৰি সেই কথা আজি সমাজৰ বহু মানুহে বুজি পোৱাগৈ নাই। সেয়ে আজি যোৰহাট জিলা টি বি ৰোগ নিয়ন্ত্ৰণ কোষৰ সভা গৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ

সাংবাদিক সকলক লগত লৈ সংবাদ মাধ্যম আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় এক ভাৰ্চুৱেল কৰ্মশালাত অংশগ্ৰহণ কৰা সাংবাদিক সকলক কৰ্মশালাৰ অন্তত ডা ‘ভক্তিময় ভট্ৰাচায্য ই এই কথা উল্লেখ কৰি কয় যে টি বি ৰোগ সম্পূৰ্ণ প্ৰতিৰোধ কৰিব পাৰি আৰু এই ৰোগীক কেতিয়াও অবহেলাৰ চকুৰে চাব নালাগে। এই টি বি ৰোগ চৰকাৰী ভাৱে বিনামূলীয়া চিকিৎসা উপৰিও প্ৰত্যেকজন টি বি ৰোগীকে প্ৰ’টিনযুক্ত আহাৰ খাবৰ কাৰণে মাহিলী পাঁচশ টকা আৰ্থিক সাহাৰ্য ৰোগীৰ বেংক একাউণ্ট দিয়ে বুলি জানিবলৈ দিয়ে।

এই সুবিধা চৰকাৰীভাৱে চিকিৎসা কৰিব বিচৰা বা চিকিৎসাধীন হৈ থকা সকলৰ উপৰিও ব্যক্তিগত চিকিৎসকৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰি থকা সকলকো দিয়া হয়। অৱশ্যে এই বিষয়ে ব্যক্তিগত চিকিৎসক আৰু ফাৰ্মাচিত টি বি ৰোগৰ চিকিৎসা লৈ থকা ৰোগীৰ বিষয়ে জিলা টি বি ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰক অৱগত কৰিব লাগাটো বাধ্যতামূলক আৰু অৱগত কৰোতা জনক প্ৰতিজন ৰোগীৰ বাবদ পাঁচশ টকাকৈ দিয়াৰ ব্যৱস্থা আছে। এজন ৰোগীয়ে (ব্যক্তিগত) সম্পূৰ্ণ ঔষধ খোৱাৰ অন্তত তদাৰকৰ দায়িত্ব সম্মুৰ্ণ কৰাজনক অতিৰিক্ত পাঁচশ টকা দিয়াৰ ব্যৱস্থাও আছে বুলি যোৰহাট জিলা টি বি নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডা’ ভক্তিময় ভট্ৰাচায্যই জানিবলৈ দিয়ে।

তেখেতে আৰু জানিবলৈ দিয়ে যে মানৱ শৰীৰৰ যি কোনো অংশতে টি বি ৰোগ হ’ব বা দেখা দিব পাৰে। গতিকে বৰ্তমান ভাৰত চৰকাৰে ২০২৫ চনৰ ভিতৰ সম্পূৰ্ণ টিবিমুক্ত ভাৰত গঢ়াৰ লক্ষৰে সকলো সংবাদ মাধ্যমক সাধাৰণ জনতাৰ মাজলৈ সজাগ আৰু সচেতন হ’বলৈ এই বাৰ্তা প্ৰেৰণৰ বাবে সাংবাদিক সকলক আহবান জনায়। তেখেতে আৰু উল্লেখ কৰে যে এক সমীক্ষা মতে একলাখ জনসংখ্যাৰ ভিতৰত দুশ তিনিজন (২০৩) প্ৰতি বছৰে টি বি ৰোগত আক্ৰান্ত হয়। এজন ষ্পুটাম পজিটিভ ৰোগীৰ পৰা এবছৰত দহৰ পৰা পোন্ধৰজন ব্যক্তিলৈ টি বি সংক্ৰমিত হ’ব পাৰে বুলিও উল্লেখ কৰে।

টি বি ৰোগীয়ে কাহিলে বা হাঁচিয়ালে মুখত মাক্স বা অন্য কাপোৰেৰে ঢাকি ৰাখিব লাগে বুলিও নডেল বিষয়া গৰাকীয়ে অৱগত কৰে। ৰাষ্ট্ৰীয় টি বি দুৰকৰণ আঁচনিৰ অধীনত ৰাজ্যিক ভাৱে আয়োজন কৰা আজিৰ ভাৰ্চুৱেল কৰ্মশালাখনিত যোৰহাটৰ এঘাৰজন সাংবাদিক উপস্থিত থাকে।যোৰহাটৰ টি বি নিয়ন্ত্ৰণ কোষৰ প্ৰগ্ৰেম ক’ৰদিনেটৰ বিজু কামানে অংশগ্ৰহণ কাৰী সাংবাদিক সকলক আদৰণি ভাষণেৰে সম্বোধন কৰা কৰ্মশালা খনিত জেষ্ঠ সাংবাদিক ৰমেন শইকীয়াই শুভেচ্ছা মুলক বক্তব্য ৰখে আৰু অংশগ্ৰহণকাৰী সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: