অসম

ক’ভিড সৃষ্ট পৰিৱেশত শিক্ষাৰ্থীক মনোবল বৃদ্ধিৰ পৰামৰ্শ যোৰহাট জিলা উপায়ুক্তৰ

সংবাদদাতা,পশ্চিম যোৰহাট :- ক’ভিডৰ সংক্ৰমণ হৈ থকাৰ সময়ত শিক্ষাৰ্থীসকল ঘৰতে আবদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মনোবল বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি ৰূপায়ণ কৰিবলৈ জিলা সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগ তথা সৰ্বশিক্ষা অভিযানৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলক পৰামৰ্শ আগবঢ়াইছে যোৰহাট জিলাৰ উপায়ুক্তই।এই উদ্দেশ্যে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৪ জুনত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, সহকাৰী আয়ুক্ত আয়ুশী জৈন, পৰিনীতা চক্ৰৱৰ্তী, বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া দেবজ্যোতি গগৈ, সৰ্বশিক্ষাৰ বিষয়াসকল,

জিলা সমাজ কল্যাণ বিষয়া ৰাজকুমাৰ কেডীয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত পৰ্যালোচনা সভাত ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাৰ ক্ষেত্ৰত ল’ব পৰা বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কত আলোচনা কৰে। উপায়ুক্তই কয়, জিলাখনৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনাৰ লগতে প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি হৈছে৷ সেইদৰে সমাজৰ কল্যাণমূলক কাম কাজটো ক’ভিডে বাধা প্ৰদান কৰিছে৷সভাত জিলা উপায়ুক্তই শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ওচৰৰ

ৰাইজক লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক পৰাপক্ষত ক’ভিড সম্পৰ্কে সজাগ কৰি ক’ভিড ৰোধৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ আহ্বান জনায়৷ ক’ভিড প্ৰতিষেধক টীকাকৰণ লোৱাত সজাগতা আগবঢ়াবলৈও আহ্বান জনায়৷তদুপৰি, ছাত্ৰ ছাত্ৰী সকল ঘৰতে সোমাই থকাৰ ফলত যাতে মানসিকভাবে ভাগি নপৰে এই ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিবলৈ শিক্ষা বিভাগৰ বিষয়াসকলক উপায়ুক্তজনে নিৰ্দেশ দিয়ে৷ ছাত্ৰ-ছাত্ৰীসকলক সাৰাংশ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈও উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়৷ সমাজ কল্যাণ বিভাগৰ অধীনৰ অঙ্গণৱাড়ী কেন্দ্ৰৰ সৈতে জড়িত শিশুসকলৰ খবৰ ৰখাৰ লগতে তেওঁলোকক বিভিন্ন গঠন মূলক তথা সৃষ্টিশীল কামকাজত নিয়োগ কৰি ব্যস্ত ৰখাৰ ক্ষেত্ৰত পৰিকল্পনা কৰাৰ সন্দৰ্ভটো আলোচনা কৰা হয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: