অসম

ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৰহাটৰ বজাৰতে ক্ৰেতা-বিক্ৰেতাৰ স্বাস্থ্য পৰীক্ষা

সংবাদদাতা, পশ্চিম যোৰহাট : ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশত স্বাস্থ্য বিভাগৰ লোকে বজাৰত বয়-বস্তু ক্ৰয়-বিক্ৰয়ৰ বাবে সমবেত হোৱাসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে। চৰকাৰে ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কঠোৰ নিৰ্দেশনা দিছে যদিও বজাৰসমূহত বয়-বস্তু ক্ৰয়-বিক্ৰয়ৰ বাবে সমবেত হোৱা সকলে এই নিৰ্দেশনা প্ৰায়ে অমান্য কৰাৰ পৰিলক্ষিত হোৱাৰ বাবেই জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। যোৰহাটৰ ৰাষ্ট্ৰীয় উপপথৰ কাষত

বয়-বস্তু ক্ৰয়-বিক্ৰয়ৰ বাবে সমবেত হোৱা সকলৰে ১৭৫ গৰাকীৰ ১০ জুনত স্বাস্থ্য পৰীক্ষা কৰোঁতেই ক’ভিড-১৯ সংক্ৰমণ ৬ গৰাকীৰ দেহত হৈ থকাৰ প্ৰমাণিত হয়।ইয়াৰে ৩ গৰাকীক যোৰহাট চাৰিগাঁওস্থিত ন-বৰাচুক ক’ভিড কেয়াৰ চেন্টাৰলৈ পঠিওৱাৰ লগতে বাকী ৩ গৰাকীক পৰিয়ালৰ পৰা পৃথককৈ গৃহবন্দী হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য, যোৰহাটত ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নতুন নতুন কৌশল গ্ৰহণ কৰা দেখা গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: