অসম

কমিছনাৰ পথত বাঁহৰ মাৰিৰে নিৰ্মাণ পকা খুঁটা

বৰষুণতে পৰিল খহি-ৰাইজৰ ক্ষোভ

সংবাদদাতা, পূৱ যোৰহাট:- পটীয়া গাঁৱৰ ঐতিহাসিক কমিছনাৰ পথৰ ওপৰত থকা একমাত্ৰ দলঙখনৰ ওচৰৰ খুটা নিৰ্মাণত ঠিকাদাৰে চৰম অনিয়ম কৰিছে। নিৰ্মাণ সম্পূৰ্ণ কৰি ৰংচঙীয়া পৰা গাৰ্ড পোষ্টৰ ভিতৰত ওলাইছে বাঁহৰ মাৰি। সাধাৰণ বৰষুণ আৰু বতাহতে পৰি যোৱা পকা খুটাৰ মাজত স্থানীয় লোকে বাঁহৰ মাৰি দেখি আচৰিত হয়। পথৰ কাষত ইতিমধ্যে বহুত খুটা নিৰ্মাণ কৰি ৰঙচঙীয়া কৰিছে। স্থানীয় লোকে ঘটনা সন্দৰ্ভত ইতিমধ্যে উপায়ুক্তক অৱগত কৰিছে। ইফালে ব্লকৰে নিৰ্মিত পথতো বিভিন্ন স্থানত বহি গৈছে। তদুপৰি ছাইড বাম বৰষুণতে খহি গৈছে।

পকা খুঁটাৰ ভিতৰত লোহাৰ পৰিবৰ্তে বাঁহৰ মাৰি ওলোৱাৰ পিছত মূল দলঙৰ নিৰ্মাণৰ ক্ষেত্ৰতো ৰাইজৰ গভীৰ সন্দেহৰ সৃষ্টি হৈছে। শিৱসাগৰৰ গগৈ উপাধিৰ এজন ঠিকাদাৰে কৰা এই চৰম দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লোকনিৰ্মাণ বিভাগৰ বিষয়া – কৰ্মচাৰীও এই দুৰ্নীতিৰ লগত জড়িত বুলি অভিযোগ উঠিছে। বিভাগটোৰ এজন স্থানীয় কৰ্মচাৰী এই দুৰ্নীতিৰ লগত জড়িত বুলি ৰাইজে অভিযোগ তুলিছে। চৰম দুৰ্নীতিৰ এই ঘটনা সম্পৰ্কে তদন্ত কৰি উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়ক আৰু উপায়ুক্তক ৰাইজে দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: