অসম

কলং কলা কেন্দ্ৰৰ একবিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সমাপন

পুৰাতত্ত্ববিদ ড° ৰবীন দেৱ চৌধুৰীক সশ্ৰদ্ধ স্মৰণ : শ্ৰীশ্ৰী লাইআটী সত্ৰৰ সংক্ষিপ্ত ইতিবৃত্ত উন্মোচন

সংবাদদাতা, পুৰণিগুদাম:- সামাজিক-সাংস্কৃতিক অনুষ্ঠান কলং কলা কেন্দ্ৰৰ একবিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পুৰণিগুদামৰ কলং সংগ্ৰহালয় প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ সভাপতি গকুল ছেত্ৰীয়ে পুৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ পিছতে অনুষ্ঠিত হোৱা ড° ৰৱীন দেৱ চৌধুৰী স্মাৰক মুকলি সভাত সভাপতিত্ব কৰে সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে। ড°ৰবীন দেৱ চৌধুৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসে। ভাষণ প্ৰসঙ্গত ড° দাসে দেৱচৌধুৰীৰ অধ্যয়নৰ বিশালতা তথা পুৰাতত্ত্বৰ দিশত থকা দুৰ্দমনীয় আস্থাৰ বহু উদাহৰণ দাঙি ধৰে। ড° ৰবীন দেৱ চৌধুৰীৰ জীৱন আৰু কৃতিৰ বিষয়ে বিশেষ ভাষণ ৰাখে প্ৰথিতযশা গৱেষক ড° নৰেন কলিতাই। ভাষণ প্ৰসঙ্গত ড° কলিতাই দেৱচৌধুৰীয়ে অসমৰ পুৰাতত্ত্ব তথা সংগ্ৰহালয়ৰ দিশত আগবঢ়োৱা বিভিন্ন উদাহৰণ দাঙি ধৰি কয় যে ড° ৰবীন দেৱ চৌধুৰীয়ে অসম তথা উত্তৰ পূৱক নতুন ৰূপত ভাৰতৰ বুকুত তুলি ধৰিলে। অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণ দি পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সভাপতি পুলিন হাজৰিকাই কলং কলা কেন্দ্ৰই পুৰাতত্ত্ব, পৰম্পৰাগত কলা তথা স্থানীয় বুৰঞ্জীৰ দিশত কৰি অহা কাম-কাজৰ ব্যাখ্যা দাঙি ধৰি ইয়াৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে। সভাত লীলা কান্ত দেৱগোস্বামী প্ৰণীত ‘শ্ৰীশ্ৰী লাইআটী সত্ৰৰ সংক্ষিপ্ত ইতিবৃত্ত’(২য় সংস্কৰণ) উন্মোচন কৰে ড° নৰেন কলিতাই। সভাত গ্ৰন্থখনিৰ সম্পাদক যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে গ্ৰন্থখনিৰ নেপথ্যৰ বিভিন্ন কথা তুলি ধৰাৰ লগতে কলং কলা কেন্দ্ৰৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে। সভাত কৃষ্ণ গোস্বামী আৰু চিত্তৰঞ্জন বৰায়ো বক্তব্য ৰাখে। অনুষ্ঠানত লোকশিল্পী গোলাপ বৰাই দুটিকৈ গীত পৰিৱেশন কৰি ৰাইজক মন্ত্ৰমুগ্ধ কৰে। সভাপতিৰ ভাষণত ফণীন্দ্ৰ নাথ গায়নে সমাপন হোৱা সমগ্ৰ অনুষ্ঠানটোৰ এক পৰ্যালোচনা আগবঢ়ায় আৰু নৰেন কলিতাৰ জৰিয়তে ড° ৰবীন দেৱ চৌধুৰীৰ বিষয়ে স্মাৰক বক্তৃতাৰ দিহা কৰাৰ বাবে অনুষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: