অসম

কলঞ্চুপাৰীয়া ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

সংবাদদাতা, শিৱসাগৰঃ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত ২২ তম্‌ বৰ্ষৰ বাবে ৭ আৰু ৮  বহাগ অৰ্থাৎ ২১ আৰু ২২ এপ্ৰিলত ২২ তম্‌ বৰ্ষৰ বাবে অনুষ্ঠিত হ’ব লগা কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰ সোমবাৰে লাইখুঁটা স্থাপন কৰা হয়। দিনৰ প্ৰায় ১১.০০ বজাত পূজাৰ ৰীতি-নীতি, মঙ্গল ধ্বনিৰে লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপনৰ অনুষ্ঠানটোত কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰ সম্পাদক পৰাগ বৰা, যুটীয়া সম্পাদক প্ৰণৱ চেতিয়া, বিনোদ সিং আৰু সহকাৰী সম্পাদক অৰূপ জ্যোতি কোঁৱৰৰ লগতে কেইবাগৰাকীও বিহু কমিটিৰ বিষয়-ববিয়া আৰু সদস্য উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button