অসম

কলাইগাঁও কনিষ্ঠ মহাবিদ্যালয়ত ব্যাপক বিত্তীয় কেলেংকাৰী

মহাবিদ্যালয়ৰ একাংশ ইলেকট্ৰনিক সামগ্ৰী অধ‍্যক্ষৰ ঘৰত ব্যৱহাৰৰ অভিযোগ পৰিচালনা সমিতিৰ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও অঞ্চলৰ একাংশ সমাজ সেৱকৰ অহপুৰুস্বাৰ্থ প্ৰচেষ্টাত ৮০ দশকত গড় দিয়া কলাইগাঁও কনিষ্ঠ মহাবিদ্যালয়ত সদ‍্য অৱসৰপ্ৰাপ্ত এগৰাকী অধ্যক্ষক অৱসৰ গ্ৰহণ কৰাৰ প্ৰায় পাঁচ মাহ পিছত বৰ্তমানৰ বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে বিগত ২০ বছৰৰ হিচাব-নিকাজ বিচাৰি জাননী জাৰি কৰা ঘটনাই

কলাইগাঁও’ত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ অতি বিতৰ্কিত অধ্যক্ষ অৰবিন্দ দাসে যোৱা মাৰ্চ মাহৰ শেষ ভাগত অৱসৰ গ্ৰহণ কৰে।‌ নিয়ম মতে, অৱসৰগ্ৰহণ কৰাৰ পিছতে অধ্যক্ষই মহাবিদ্যালয় পৰিচালনা সমিতিক সকলো ধৰনৰ বিত্তীয় হিচাব-নিকাজ দাখিল কৰিব লাগে। কিন্তু সদায় বিতৰ্কৰ সৃষ্টিৰ অধিকাৰী কলাইগাঁও কনিষ্ঠ মহাবিদ্যালয়ৰ

অধ্যক্ষই আজি প্ৰায় পাঁচ মাহেও পৰিচালনা সমিতিক কোনো ধৰণৰ হিচাব-নিকাজ দাখিল কৰা নাই। যাৰ বাবে পৰিচালনা সমিতিয়ে নিজেই সভা অনুষ্ঠিত কৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ পৰা হিচাব-নিকাজ বিচাৰি জাননী জাৰি কৰিবলগীয়া অৱস্থা হৈছে। উল্লেখযোগ্য যে যোৱা ১২ আগষ্ট’ত কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ‌সভা অনুষ্ঠিত কৰি,

অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰবিন্দ দাসক বিগত ২০ বছৰৰ হিচাব বিচাৰি ৪৮ ঘন্টা সময় ধৰি জাননী প্ৰেৰণ কৰে। পৰিচালনা সমিতিৰ একাংশ সদস্যৰ অভিযোগ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দাসে, মহাবিদ্যালয়ৰখনৰ বিত্তীয় কেলংকাৰীৰ লগতে, মহাবিদ্যালয়খনৰ বহু গুৰুত্বপূৰ্ণ ইলেকট্ৰনিক সামগ্ৰী অধ্যক্ষ দাসে নিজৰ গৃহ’ত ব্যৱহাৰ কৰিছে। ২০ বছৰ বিত্তীয় হিচাপ বিচাৰি, মহাবিদ্যালয়ৰ

পৰিচালনা সমিতিৰ এনে জাননী জাৰি কৰাৰ পিছতে, কলাইগাঁৱৰ একাংশ লোকৰ অভিযোগ একাংশ ক্ষমতা লুভীয়া পৰিচালনা সমিতিৰ সভাপতিৰ বাবেই অধ্যক্ষই এনেদৰে বছৰৰ পিছত বছৰ ধৰি ৰাজহুৱা ধন আত্মসাৎ কৰিব পাৰিছে। ৰাইজৰ অভিযোগ অধ্যক্ষৰ লগতে বৰ্তমানৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিকো আইনৰ আওতাত আনিব লাগে বুলি দাবী জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: