অসম

কলাইগাঁও প্ৰগতিশীল জনমঞ্চৰ ৰূপালী জয়ন্তী উদযাপন

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ ব্যাপক প্ৰস্তুতি

সংবাদদাতা, টংলা:- অবিভক্ত দৰং জিলাৰ কলাইগাঁও কেন্দ্ৰিক বিস্তীৰ্ণ এলেকাৰ ৰাইজৰ সাৰ্বিক উন্নয়নৰ অৰ্থে ১৯৯৪ চনতে প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান কলাইগাঁও প্ৰগতিশীল জনমঞ্চই জন্মলগ্নৰে পৰা ৰাইজলৈ নীৰৱছিন্নভাৱে সেৱা আগবঢ়াই আহিছে। সুদীৰ্ঘ ২৫ বছৰীয়া পৰিক্ৰমাৰে ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী সমাগত ২৪, ২৫ আৰু ২৬ ডিচেম্বৰ, ২০২১ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৭ বজাত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰেমানন্দ বড়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিবলগীয়া অনুষ্ঠানত স্থায়ী পতাকা বেদী উন্মোচন, মূল পতাকা আৰু ৰূপালী জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰিব বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ শইকীয়া, কলাইগাঁও প্ৰগতিশীল জনমঞ্চৰ সভাপতি তৰুণ আজাদ ডেকা আৰু উদযাপন সমিতিৰ সভাপতি মহেশ্বৰ বড়োৱে। ৮-১৫ বজাত স্থায়ী স্মৃতি বেদী উন্মোচন, ৮-৩০ স্মৃতি তৰ্পণ আৰু ৮-৪৫বজাত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব ক্ৰমে প্ৰগতিশীল জনমঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰুৱা, প্ৰতিষ্ঠাপক সম্পাদক কমলেশ্বৰ শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী কমিৰাম চহৰীয়াই। নৱ নিৰ্মিত প্ৰৱেশ পথ, নৱ নিৰ্মিত মুকলি সভাগৃহ, মঞ্চ, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী শুভ উদ্বোধন কৰিব ক্ৰমে বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কলাইগাঁও খণ্ড উন্নয়ন বিষয়া ৰবীন্দ্ৰ বৰুৱা আৰু কলাইগাঁও ৰাজহ চক্ৰ বিষয়া মিনাৰ্ভা দেৱী আৰামবামে। কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ জীৱন চন্দ্ৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিতব্য সম্বৰ্ধনা অনুষ্ঠানত মুখ্য প্ৰতিষ্ঠাপকবৃন্দ, প্ৰতিষ্ঠাকালৰ পৰা সভাপতি-সম্পাদক আৰু বিশিষ্ট দাতাবৃন্দক বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে দিনৰ ১২ বজাত সাংস্কৃতিক প্ৰতিযোগিতা (বিষয় চিয়াগীত, লোকগীত আৰু পাৰ্বতী প্ৰসাদৰ গীত) উদ্বোধন কৰিব লেখক, সাংস্কৃতিক কৰ্মী নৱজিৎ দাসে আৰু সন্ধিয়া ৬ বজাত ডঃ পৰমানন্দ ৰাজবংশী পৰিচালিত বোলছবি “অনল “প্ৰদৰ্শন। আনহাতে দ্বিতীয়দিনা ২৫ ডিচেম্বৰত ১১ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰথম মুকলি সভা উদ্বোধন কৰিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মহেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। বিশিষ্ট শিক্ষাবিদ, গৱেষক ডঃ নগেন্দ্ৰ নাথ শৰ্মাই নিৰ্দিষ্ট বক্তাৰ আসন অলংকাৰ কৰা সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গদাস বড়ো, ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰবসুমেতাৰী, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, হৰিশিঙা সমষ্টিৰ সদস্য সঞ্জয় স্বৰ্গীয়াৰী আৰু ওদালগুৰি জিলাৰ উপায়ুক্ত ডঃ পি উদয় প্ৰবীণ। বিয়লি ৩ বজাত ন পুৰণি সভ্যৰ অন্তৰংগ অনুষ্ঠান সতীৰ্থ সন্মিলন সঞ্চালনা আৰু সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্মিলন উদ্বোধন কৰিব জনমঞ্চৰ প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ ডেকা আৰু বিশিষ্ট শিল্পী দিলীপ বৰুৱাই। তৃতীয় দিনা ২৬ ডিচেম্বৰত পুৱা ৯ বজাত থিতাতে চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দিনৰ ১২ বজাৰ পৰা দ্বিতীয় মুকলি সভা অনুষ্ঠিত হ’বলগীয়া সভাখন উদ্বোধন কৰিব কামৰূপ জিলাৰ বিদ্যাভাৰতী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, লেখক ডঃ দুলাল হাজৰিকাই। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই নিৰ্দিষ্ট বক্তা, প্ৰথিতযশা সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়ে মুখ্য অতিথি ৰূপে আসন অলংকৃত কৰা সভাখন সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি মহেশ্বৰ বড়োৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিটিচিৰ সচিব দিঠকানন্দ হাজৰিকা, অৱসৰী আয়ুক্ত সচিব, লেখক থানেশ্বৰ মালাকাৰ, আলোচনাপন্থী সংযুক্ত মুক্তি বাহিনী অসমৰ সম্পাদক অনুপ চেতিয়া, বিশিষ্ট অভিনেত্ৰী, কণ্ঠশিল্পী দীপলিনা ডেকা, বিশিষ্ট নাট্য আৰু চলচ্চিত্ৰ শিল্পী পবিত্ৰ ৰাভা আৰু ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনে। সন্ধিয়া ৬ বজাত আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্য পটীয়সী ভানু ডেকা চহৰীয়াই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্মিলনত বিশিষ্ট শিল্পী লোহিত গগৈ আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুয়ে গীতৰ শৰাই আগবঢ়াব বুলি কলাইগাঁও প্ৰগতিশীল জনমঞ্চৰ সম্পাদক দেবেন চন্দ্ৰ হাজৰিকা, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক বিচিত্ৰ বৰুৱাই জানিবলৈ দিয়াৰ লগতে ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: