অসম

কলিতা জনগোষ্ঠী সন্মিলনৰ লক্ষীমপুৰ জিলাৰ উত্তৰ লালুক সমিতি গঠন

সংবাদদাতা, লখিমপুৰ:- কলিতা জনগোষ্ঠী সন্মিলনৰ, উত্তৰ লালুক সমিতি গঠনৰ উদ্দেশ্যে আজি লালুক কাছজুলীৰ জিজ্ঞাসা ইংলিছ মেডিয়াম বিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত সুৰেন বৰা সভাপতিত্বত অনুষ্ঠিত সভাখনত উত্তৰ লালুক সমিতি গঠন কৰা হয়। কলিতা জনগোষ্ঠী সন্মিলনৰ উত্তৰ লালুক সমিতিৰ সভাপতি হিচাপে চিদানন্দ হাজৰিকা আৰু সম্পাদক হিচাপে ৰবিন বৰুৱা, প্ৰচাৰ সম্পাদক হিচাপে প্ৰাঞ্জল খাউণ্ডক নিৰ্বাচন কৰি ২৩ জনীয়া এখন পূৰ্ণাঙ্গ সমিতি গঠন কৰে। সমান্তৰালভাৱে আজি সভাত তামিলনাডুত বিমান দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি লোৱা বিপিন ৰাৱাতৰ লগতে অন্যান্য সকলৰ আত্মাৰ শান্তি কামনা কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰি মৌন প্ৰাৰ্থনা জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: